ETV Bharat / state

AGP meeting in Dhubri: বদৰুদ্দিন আজমলক ব্য়ৰ্থ সাংসদ আখ্যা অগপ নেতা ভূপেন ৰায়ৰ

author img

By

Published : Jan 23, 2023, 6:08 PM IST

AGPs district committee sworn in Dhubri
ধুবুৰীত অগপৰ জিলা সমিতিৰ শপতগ্ৰহণ

লোকসভা নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালভাৱে অগপ দলেও সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে (Lok Sabha election2024) । ইয়াৰ মাজতেই ধুবুৰীত অগপৰ জিলা সমিতিৰ শপতগ্ৰহণ আৰু কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয় ।

ধুবুৰীত অগপৰ জিলা সমিতিৰ শপতগ্ৰহণ

ধুবুৰী, ২৩ জানুৱাৰী: অসমত আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল প্ৰদৰ্শনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ সাংগাঠনিক কাম-কাজ আৰম্ভ হৈছে । আন ৰাজনৈতিক দলৰ সমান্তৰালভাৱে অগপ দলেও সাংগাঠনিক তৎপৰতা আৰম্ভ কৰিছে (AGP meeting at Dhubri) । ইয়াৰে অংশৰূপে সোমবাৰে ধুবুৰীত অগপৰ জিলা সমিতিৰ শপতগ্ৰহণ আৰু কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হয় (AGPs district committee sworn in Dhubri)। এই সভাখনত অংশগ্ৰহণ কৰি দলটোৰ জ্য়েষ্ঠ নেতা ভূপেন ৰায়ে বিজেপিৰ লগতে এ আই ইউ ডি এফ আৰু কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে ।

সভাখনত জ্য়েষ্ঠ নেতা ভূপেন ৰায়ে কয়, "সংখ্যালঘু মিঞাৰ ভোট বিজেপিক নালাগিলেও অসম গণ পৰিষদক তেওঁলোকৰ ভোট লাগিব ।" এইদৰে মন্তব্য় কৰি তেওঁ পুনৰ কয় যে, অসমৰ সংখ্যালঘু ভোটাৰ অগপৰ লগত আছে (AGP leader Bhupen Roy)। পূৰ্বতেও মানকাচৰত সংখ্য়ালঘুৰ ভোটেৰে অগপই বিজয়ী হৈছিল । ধুবুৰীত অগপৰ জিলা সমিতিৰ শপতগ্ৰহণ আৰু কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি তেওঁ এইদৰে মন্তব্য কৰে ।

উল্লেখ্য় যে ধুবুৰী অগপ জিলা পৰিষদ সমিতিৰ শপতগ্ৰহণ আৰু প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সমিতিৰ নৱ-নিৰ্ৱাচিত সভাপতি অমল কুমাৰ সাহাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অগপ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে দলৰ সাংগঠনিক দিশত বিশেষভাৱে আলোচনা কৰে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা অগপ নেতা ভূপেন ৰায়ে লোকসভা নিৰ্বাচনলৈ অগপ সাজু বুলি উল্লেখ কৰি দলটোৱে অসমৰ সাতটা লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি কয় (AGP gear up for upcoming elections) ।

আনহাতে, ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই মিঞাৰ ভোট নালাগে বুলি কৰা মন্তব্য়ৰ প্ৰত্যুত্তৰত অগপ নেতাগৰাকীয়ে কয়, "অসমৰ সংখ্যালঘু ভোটাৰ অগপৰ লগত আছে । সকলো জাতি-জনগোষ্ঠীৰ ভোট অগপক লাগিব ।" সাংগাঠনিক দিশত আগুৱাই যাব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰি কয় যে, আমাৰ দলটোৰ সকলো কৰ্মীকেই সষ্টম কৰিব বিচাৰিছো’’ । পঞ্চায়ত পৰ্যায়ৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়লৈ সকলোবোৰ সমিতি সক্ৰিয় কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁ কয় ।

ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ ভূপেন ৰায়ে কয়,"বদৰুদ্দিন আজমল এজন ব্য়ৰ্থ সাংসদ । তেওঁ জনসাধাৰণৰ পৰা একপ্ৰকাৰ বিচ্ছিন্ন হৈছে । ধুবুৰীত তেওঁ এক অনুভুতিৰ বাবে আগতে ভোট লাভ কৰিছিল যদিও এইবাৰ সেই আশা নাই । ৰাইজে এইবাৰ তেওঁক প্ৰত্য়াখ্য়ান কৰিব । "

লগতে পঢ়ক:ASDC Press Meet: স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত স্বাক্ষৰ সংগ্ৰহ অভিযান এএছডিচিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.