ETV Bharat / state

Foundation Day of UBPO: সংযুক্ত বড়ো গণ মঞ্চৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Jul 19, 2023, 7:35 AM IST

United Bodo Peoples Organization
ইউবিপিঅ’ৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

ইউবিপিঅ’ৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস মঙলবাৰে গোলাঘাট জিলাৰ চিচুপানী তেলীশালত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীয়ে ৷

সংযুক্ত বড়ো গণ মঞ্চৰ দশম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

জোনাই, 19 জুলাই: সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউবিপিঅ’ৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস মঙলবাৰে গোলাঘাট জিলাৰ চিচুপানী তেলীশালত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ৷ কেন্দ্ৰীয়ভাৱে উদযাপন কৰা এই প্ৰতিষ্ঠা দিৱসৰ পুৱা 9 বজাত পতাকা উত্তোলন কৰে ইউবিপিঅ’ৰ ভাৰপ্ৰাপ্ত সভাপতি বাদল মুছাহাৰীয়ে ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীয়ে ৷

পুৱা 9.30 শ্বহীদ তৰ্পণ কৰে ইউবিপিঅ’ৰ উপদেষ্টা শুক্ৰেশ্বৰ গয়াৰীয়ে ৷ পুৱা 10 বজাত 2023 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বড়ো মাধ্যমৰ দহগৰাকী আৰু অন্যান্য মাধ্যমৰ দহগৰাকী লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাৰ পাঁচগৰাকী, কলা শাখাৰ পাঁচগৰাকী বড়ো জনগোষ্ঠীৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিকেডব্লিউএচিৰ কাৰ্যবাহী সদস্য অনিল বসুমতাৰী ৷

দিনৰ 1 বজাৰ পৰা ইউবিপিঅ’ৰ ভাৰপ্ৰাপ্ত সভাপতি বাদল মুছাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্ধোধন কৰে বিকেডব্লিউএচিৰ ডেপুটি ছীফ্ ৰোমিয় নাৰ্জাৰীয়ে ৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে ৷ ইউবিপিঅ’ৰ সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্মই আঁতধৰা মুকলি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বিকেডব্লিউএচিৰ উপাধ্যক্ষ সৃজৌন বসুমতাৰী, ইএম অমিয় বসুমতাৰী, বিনোদ বসুমতাৰী, প্ৰণৱ বড়ো, প্ৰদীপ স্বৰ্গীয়াৰী, মুহিপাল বড়ো, দশৰথ বড়ো, মিচিং স্বায়ত্তশাসিত পৰিষদৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম বিলিমোহন খাকলাৰী,আবৌফৰ সাংস্কৃতিক সম্পাদিকা মিনতি দৈমাৰী, সাংগঠনিক সম্পাদিকা লমা গয়াৰী ৷

ইয়াৰ উপৰি বড়ো সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক মহেশ্বৰ গয়াৰী, মনোজ বড়ো, এবছুৰ জনসম্পৰ্কৰক্ষী সম্পাদক বীৰখাং নাৰ্জাৰী, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক হৰেশ্বৰ গয়াৰী, বড়ো সাহিত্য সভা, এবছু, আবৌফৰ গোলাঘাট জিলা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকসকলো উক্ত সভাত উপস্থিত থাকে ৷ মুকলি সভাত ইউবিপিঅ’ৰ নেতাসকলে তৃতীয় বড়ো শান্তি চুক্তিৰ দফা সমূহ ৰূপায়িত কৰি বিকেডব্লিউএচিৰ নিৰ্বাচন অনুষ্ঠিত কৰা, বড়ো মাধ্যমৰ বিদ্যালয়সমূহ প্ৰাদেশিকৃত কৰা, বন অধিকাৰ আইন-2006 অধীনত জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা আদি সমস্যাৰ সমাধানৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: Kalita community demands ST status: কলিতা জনগোষ্ঠীয়ে তুলিছে জনজাতিকৰণৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.