ETV Bharat / state

Kalita community demands ST status: কলিতা জনগোষ্ঠীয়ে তুলিছে জনজাতিকৰণৰ দাবী

author img

By

Published : Jul 18, 2023, 10:42 PM IST

শীঘ্ৰে কলিতা জনগোষ্ঠীক লৈ ৰাজ্যৰ সকলো বিভাগতে বিশ শতাংশ সংৰক্ষণ ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্যত গঢ়ি তোলা হ’ব তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী । মঙলবাৰে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীয়ে চাৰিদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰি দিয়ে এই সকিয়নী ।

kalita alpine community
জনজাতিকৰণৰ দাবী

জনজাতিকৰণৰ দাবী

মৰিগাঁও, 18 জুলাই : ‘অসম চৰকাৰে কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ কলিতা জনগোষ্ঠীক সকলো ক্ষেত্ৰত ২০% আসন সংৰক্ষণৰ ব্যৱস্থা কৰক । অন্যথা ৰাজ্যৰ কলিতা জনগোষ্ঠীৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ পথ বাছি ল’বলৈ বাধ্য হ’ব’- মঙলবাৰে অসম কলিতা আলপাইন জনগোষ্ঠীয়ে প্ৰতিবাদৰ হুংকাৰ দি এই মন্তব্য কৰে ।

সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ মৰিগাঁও জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ চাৰি দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰি ডাবল ইঞ্জিনৰ চৰকাৰখনক সকিয়নী প্ৰদান কৰে । ৰাজ্যৰ আন আন জনগোষ্ঠীসমূহৰ লেখীয়াকৈ শেহতীয়াকৈ ভূমিপুত্ৰ কলিতা জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে অধিকাৰৰ দাবীত অব্যাহত ৰাখিছে এলানি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী । ইয়াৰে অংশ ৰূপে মঙলবাৰে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ মৰিগাঁও জিলা সমিতিয়ে মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

শেহতীয়াকৈ শাসকীয় বিজেপি চৰকাৰৰ নেতৃত্বত এম বি বি এছ, বি ডি এছ, বি এছ বি নাৰ্চিং, জি এন এম, এ এন এম আৰু ১২ খন বিশ্ববিদ্যালয়ত থকা আসন সমূহত কলিতা জনগোষ্ঠী প্ৰতাৰণাৰ বলি হোৱাত অসমৰ সকলোবোৰ জিলাৰ লগতে মৰিগাঁও জিলাতো সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰলৈ চাৰি দফীয়া দাবীৰে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে জনগোষ্ঠীৰ এটা সঁজাতি দলে ৷

উক্ত সঁজাতি দলটোত মৰিগাঁও জিলা সমিতিৰ সভাপতি তথা কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হৰমোহন কলিতা, মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক দুলুমণি বড়া, সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক দীপক কলিতা, জিলা সমিতিৰ উপ-সভাপতি নৃপেন পাঠক, বিজয় কলিতাসহ কেইবাগৰাকীও মৰিগাঁও জিলা সমিতিৰ সদস্যই এক গোট হৈছিল ৷ সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত মৰিগাঁও জিলা সমিতিৰ সম্পাদক দুলুমণি বড়া আৰু কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হৰমোহন কলিতাই সকিয়নী দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰক ।

লগতে পঢ়ক : Price Hike in Assam : মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত মৰিগাঁৱত আছুৰ বিক্ষোভ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.