Price Hike in Assam : মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত মৰিগাঁৱত আছুৰ বিক্ষোভ কাৰ্যসূচী

By

Published : Jul 14, 2023, 8:51 PM IST

thumbnail

মৰিগাঁও, 14 জুলাই : আজি ৰাজ্যজুৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ ইয়াৰ সমান্তৰালকে মৰিগাঁও জিলাতো সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শুকুৰবাৰে আছুৱে মৰিগাঁও চহৰৰ মাজমজিয়াত অত্যাৱশকীয় খাদ্য সম্ভাৰৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ 

মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা সমদল কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ যোগান বিভাগ মৰি গ’ল, যোগান বিভাগৰ কাম নাই, খালে ঐ আলে বিজেপিয়ে খালে, বিজেপি গ' বেক, আছু লং লিভ আদি শ্লোগানৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷  

সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক ৰূপজ্যোতি মেধিয়ে কয় যে, বৰ্তমানৰ বিজেপি চৰকাৰখনে মূল্যবৃদ্ধি ক্ষেত্ৰত সৰ্বকালৰ অভিলেখ ভংগ কৰি ৰাইজৰ মূৰত ৰাম টাঙোন সোধাইছে ৷ যিখন চৰকাৰে পৰিৱৰ্তনৰ শ্লোগান দি শাসনৰ গাদী দখল কৰিছে সেইখন চৰকাৰে ৰাইজৰ এই সমস্যাত ঠেলি দি সুখ নিদ্ৰাত আছে ৷  

ইফালে শিক্ষা সম্পাদক লোকেন্দ্ৰ ছেত্ৰীয়ে মন্তব্য কৰি কয় যে, ৰাজ্যৰ কৃষক, শ্ৰমিকসকলক স্বনিৰ্ভৰশীল আৰু আত্মসংস্থাপনৰ পথ মুকলি কৰাৰ পৰিৱৰ্তে এইখন চৰকাৰে আঁচনিৰ ওপৰত আঁচনি ঘোঘণা কৰি অসমীয়া জনতাক হিতাধিকাৰী বনাইছে ৷ যদিহে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ নকৰে তেতিয়া হ’লে সদৌ অসম ছাত্ৰ সন্থাই ইয়াতে ক্ষান্ত নাথাকি তীব্ৰ গণতান্ত্ৰিক কাৰ্যসূচী গ্ৰহণ কৰিব ৷

লগতে পঢ়ক: AASU Protest in Dibrugarh:মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.