ETV Bharat / state

নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত নিবলৈ আহি দুৰ্ঘটনাত পতিত জোনাইৰ অতিৰিক্ত সহকাৰী আয়ুক্ত

author img

By

Published : Aug 28, 2022, 12:06 PM IST

Two person injured in jonai
বিজয়পুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰাজ্য চৰকাৰে আয়োজন কৰা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ চাকৰিৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ মাজতে জোনাইত ভয়াৱহ পথ-দুৰ্ঘটনা (Road accident in Jonai) ৷ সন্ধিয়া প্ৰায় ৭.৩০বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত জোনাইৰ অতিৰিক্ত সহকাৰী আয়ুক্ত নয়নমনি দত্ত ৷

জোনাই ২৭ আগষ্ট: জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident at Jonai) ৷ আজি অনুষ্ঠিত হ’ব লগা অসম চৰকাৰৰ তৃতীয়-চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া চাকৰিৰ দায়িত্ব পালন কৰি ওভতাৰ পথত গুৰুতৰভাৱে আহত হয় জোনাইৰ অতিৰিক্ত সহকাৰী আয়ুক্ত নয়নমনি দত্ত ৷

পৰীক্ষাৰ প্ৰশ্নকাকত আনিবলৈ জোনাইৰ পৰা ধেমাজিলৈ গৈ থকা অৱস্থাত জোনাই বিজয়পুৰত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শনিবাৰৰ সন্ধিয়া প্ৰায় ৭.৩০বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ আজি অনুষ্ঠিত হ’ব লগা অসম চৰকাৰৰ তৃতীয়-চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিযুক্তি প্ৰক্ৰিয়াৰ যাৱতীয় কাম-কাজ সম্পন্ন কৰিবলৈ যোৱাৰ পথত জোনাইৰ উজনি পথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷

বিজয়পুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

বাহনখনৰ চালকৰ সৈতে অতিৰিক্ত সহকাৰী আয়ুক্ত নয়নমনি দত্ত গুৰুতৰভাৱে আহত হয় (Two person injured in road accident in jonai ) ৷

আহত অতিৰিক্ত সহকাৰী আয়ুক্ত নয়নমনি দত্ত আৰু চালকজনক জোনাই অসামৰিক চিকিৎসালয়ত ততাতৈয়াকৈ চিকিৎসা প্ৰদানৰ বাবে ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ৷ দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS 01 EG 8524 ৷

লগতে পঢ়ক: Tragic road accident : ডিব্ৰুগড়ত শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত দুজন, আহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.