Tragic road accident : ডিব্ৰুগড়ত শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত দুজন, আহত এজন

By

Published : Aug 3, 2022, 11:29 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ডিব্ৰুগড়ৰ লাহোৱালৰ নতুন আলিৰ জয়পুৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Dibrugarh)। দুৰ্ঘটনাটোত থিতাতে দুজন ব্যক্তি নিহত হোৱাৰ বিপৰীতে আহত হৈছে এজন । ডিব্ৰুগড়ৰ পৰা দুলিয়াজানলৈ আহি থকা AS06 Z 4617 নম্বৰৰ এখন তীব্ৰবেগী Brezza বাহনে মহতিয়াই নিয়ে তিনি পথচাৰীক ৷ মৃত ব্যক্তি দুগৰাকী ক্ৰমে নিৰ্মল দাস আৰু বিক্ৰম মাহিলী বুলি জানিব পৰা গৈছে । আনহাতে, আহত ব্যাক্তিজনক সংকটজনক অৱস্থাত AMC লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে ৷ আহত ব্যক্তিজনৰ নাম লক্ষী পাতৰ । আটাইকেইজন নতুন আলিৰ বছাপথাৰ গাঁৱৰ বুলি জানিব পৰা গৈছে । দিন হাজিৰা কৰা এইসকল ব্যাক্তি প্ৰত্যেক দিনাৰ দৰে আজিও হাজিৰা কামলৈ বুলি ওলাই আহিছিল ৷ উল্লেখ্য যে, বাহনখনৰ চালকে সুৰাপান কৰি বাহন চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.