ETV Bharat / state

মানচিত্ৰৰ পৰা বিলীন হোৱাৰ পথত ঐৰামঘাট

author img

By

Published : Jun 20, 2020, 3:52 PM IST

গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি অহাৰ ফলত ভাবুকি আহি পৰিছে ঐৰামঘাট অঞ্চললৈ। নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা জনপ্ৰতিনিধিসকলে ভোটৰ আশাত ৰাইজক চিয়াং নদীৰ খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে ৷ কিন্তু জয়ী হোৱাৰ পিছত বানত ককবকাই থকা ঐৰামঘাটবাসীলৈ এপলক চোৱাৰ আহঁৰি নাই জনপ্ৰতিনিধিৰ ৷

Oiramghat
ঐৰামঘাট

জোনাই, 20 জুনঃ ভৌগলিক মানচিত্ৰৰ পৰা বিলিন হৈ যোৱাৰ পথত জোনাই সীমান্তৰ ঐতিহ্যমণ্ডিত ঐৰামঘাট ৷ চিয়াং নদীৰ ব্যাপক খহনীয়াত দিনকদিনে সংকুচিত হৈ আহিছে ঐৰামঘাটৰ ভৌগোলিক সীমা ৷ ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্ত জোনাইত চিয়াং নদীৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰিছে ঐৰামঘাট অঞ্চল ৷ নৈৰ জলপৃষ্ঠ ক্ৰমান্নয়ে বৃদ্ধি পোৱাৰ ফলত ঐৰামঘাটত ব্যাপকভাৱে খহনীয়া অব্যাহত ৰাখিছে চিয়াং নদীয়ে ৷

Oiramghat
ঐৰামঘাট

চকুৰ সন্মুখতে প্ৰতিদিনে শ শ বিঘা মাটি নৈত জাহ যোৱাৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলটোৰ নৈপৰীয়া ৰাইজ । প্ৰতি বছৰে ব্যাপক গৰাখহনীয়াৰ কবলত পৰে ঐৰামঘাটবাসী ৷ ইতিমধ্যে অঞ্চলটোৰ শ শ বিঘা কৃষিভূমিৰ বিলীন হৈছে চিয়াঙৰ বুকুত। নৈত জাহ গৈছে কুৰিটাৰো অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান। কিন্তু চৰকাৰ কিম্বা জলসম্পদ বিভাগ তথা জনপ্ৰতিনিধিয়ে এই পৰ্যন্ত কোনো প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

মানচিত্ৰৰ পৰা বিলীন হোৱাৰ পথত ঐৰামঘাট

জানিব পৰা মতে,গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি অহাৰ ফলত ভাবুকি আহি পৰিছে ঐৰামঘাট অঞ্চললৈ। নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা জনপ্ৰতিনিধিসকলে ভোটৰ আশাত ৰাইজক চিয়াং নদীৰ খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে ৷ কিন্তু জয়ী হোৱাৰ পিছত বানত ককবকাই থকা ঐৰামঘাটবাসীলৈ এপলক চোৱাৰ আহৰি নাই জনপ্ৰতিনিধিৰ ৷

লগতে পঢ়কঃ অসমৰ COVID-19 ৰোগীৰ সেৱাৰ্থে ব্যৱহৃত হ'ব ৰবট

2019 চনত ৰাজ্য চৰকাৰৰ কেইবাজন মন্ত্ৰী-বিধায়কে খহনীয়া অঞ্চলসমূহ পৰিভ্ৰমণ কৰি নৈপৰীয়া ৰাইজক বিভিন্ন আশ্বাস দিছিল যদিও আশ্বাসসমূহ ফুটুকাৰ ফেনত পৰিণত হৈছে । খহনীয়াৰ ভয়ংকৰ ৰূপ প্ৰত্যক্ষ কৰি অন্য ঠাইলৈ ঢাপলি মেলিছে অঞ্চলটোৰ ৰাইজে ৷ উল্লেখ্য যে, এখনৰ পাছত আন এখনকৈ ঘৰ লগতে কৃষিভূমি চিয়াংৰ বুকুত নিশ্চিহ্ন হৈ গ'লে মানচিত্ৰৰ পৰা নাইকিয়া হ’ব ৰম্যভূমি ঐৰামঘাট ।

আনহাতে চিয়াং নদীৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ধেমাজি জিলাৰ একমাত্ৰ পবা সংৰক্ষিত বনাঞ্চলখনলৈও ৷ উল্লেখ্য যে পবা বনাঞ্চলে জোনাই মহকুমাক ভৌগোলিকভাৱে বছৰ বছৰ ধৰি সুৰক্ষা দি আহিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.