ETV Bharat / state

Providing financial assistance to Student: জোনাইৰ তিনি শতাধিক কৃতি শিক্ষাৰ্থী আৰু জটিল ৰোগত আক্ৰান্ত ৰোগীলৈ আৰ্থিক সাহায্য প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 8:39 PM IST

Providing financial assistance to Student
জোনাইৰ তিনি শতাধিক কৃতি শিক্ষাৰ্থী আৰু জটিল ৰোগত আক্ৰান্ত ৰোগীলৈ আৰ্থিক সাহায্য প্ৰদান

জোনাইত বিভিন্ন অঞ্চলৰ কৃতি ছাত্ৰ-ছাত্ৰী আৰু জটিল ৰোগত আক্ৰান্ত ৰোগীক আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান ৷ শনিবাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা তিনি শতাধিক লোকক আৰ্থিক সাহায্য প্ৰদান কৰে বিধায়ক ভূৱন পেগুৱে ৷

জোনাইৰ তিনি শতাধিক কৃতি শিক্ষাৰ্থী আৰু জটিল ৰোগত আক্ৰান্ত ৰোগীলৈ আৰ্থিক সাহায্য প্ৰদান

জোনাই,11 নৱেম্বৰ : শনিবাৰে জোনাইৰ বিভিন্ন অঞ্চলৰ কৃতি ছাত্ৰ-ছাত্ৰ আৰু জটিল ৰোগত আক্ৰান্ত ৰোগীক আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ৷ বিজেপিৰ চিলাপথাৰ নগৰ মণ্ডল কাৰ্যালয় আৰু জোনাই 'ঙাচাৰ চুক উকুম'ত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ভূৱন পেগু ৷ উল্লেখ্য যে, মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী হিতাধিকাৰীক 10 হাজাৰ টকাৰ চেক বিতৰণ কৰে বিধায়ক পেগুৱে ৷

এইক্ষেত্ৰত বিধায়ক পেগুৱে কয় যে, যিসকলৰ বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসা গ্ৰহণ কৰি আহিছে তেওঁলোকক আৰ্থিকভাবে কিছু সকাহ দিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে এই সাহায্য প্ৰদান কৰিছো ৷ আনহাতে, আৰ্থিকভাৱে দুৰ্বল কৃতি ছাত্র-ছাত্রীসকললৈও মুখ্যমন্ত্রী সাহায্য পুঁজিৰ এক কালীন আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে ৷

উক্ত অনুষ্ঠানৰ পাচত বিধায়ক পেগুৱে কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল আৰু জটিল ৰোগত আক্ৰান্ত ৰোগীসকলক কিছু দিয়াৰ বাবে এককালীন সাহাৰ্য্য প্ৰদান কৰা পদক্ষেপ এক প্ৰশংসনীয় পদক্ষেপ ৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীক ধন্যবাদ দিছো ৷ মুখ্যমন্ত্ৰীৰ সৱল নেতৃত্বৰ বাবে জনকল্যাণৰ স্বাৰ্থতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷’’

আনহাতে উক্ত অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ পূব জোনাই মণ্ডল সভাপতি আদিত্য বৰুৱা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ সদস্য ববীকান্ত পেগু, ধেমাজি জিলা বিজেপিৰ সম্পাদক পাৰ্থ ছেত্ৰী, পূব-জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগু , বিজেপিৰ চিলাপথাৰ নগৰ মণ্ডল সভাপতি জেনিফাৰ ফুকন, চিলাপথাৰ পৌৰসভাৰ পৌৰপতি , চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱকান্ত পেগু, জোনাই জিলা শক্তিৰ সভাপতি মুলাকান্ত পেগুকে ধৰি বিজেপি আৰু সন্মিলিত গণশক্তি অসমৰ নেতৃস্থানীয় ব্যক্তিসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:Mass gathering by BJP: 'ভূপেন বৰাই এইবাৰো হাৰি পৰাজয়ৰ অভিলেখ গঢ়িব'; পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.