ETV Bharat / state

Mass gathering by BJP: 'ভূপেন বৰাই এইবাৰো হাৰি পৰাজয়ৰ অভিলেখ গঢ়িব'; পীযুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 2:40 PM IST

Updated : Nov 10, 2023, 3:01 PM IST

জোনাইত বিজেপিৰ বিশাল গণ সমাবেশ ৷ বিৰোধীৰ প্ৰতি আক্ৰমণাত্মক শাসকীয় বিজেপি ৷ ভূপেন বৰাই এইবাৰো হাৰি পৰাজয়ৰ অভিলেখ গঢ়িব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক কটাক্ষ পীযুষ হাজৰীকাৰ ৷ মিচিং অধ্যুষিত 10 খন জিলাত আলি আয়ে লৃগাঙত চৰকাৰী বন্ধ ঘোষণা কৰা হ’ব বুলি ঘোষণা ৷

BJP slams opposition in mass gadering by BJP in jonai
জোনাইত বিজেপিৰ বিশাল গণ সমাৱেশ

জোনাইত বিজেপিৰ বিশাল গণ সমাৱেশ

জোনাই, 10 নৱেম্বৰ: ভাৰতীয় জনতা পার্টিৰ মিত্ৰঁজোট সন্মিলিত গণ শক্তি অসমৰ পূৰ্ণ সহযোগত শুকুৰবাৰে জোনাইৰ মিচিং কৃষ্টি ভৱনৰ প্ৰাংগনত অনুষ্ঠিত হয় বিশাল গণ সমাৱেশ ৷ উক্ত সভাত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বিৰেোধী জোট INDIA ৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ পৰে ৷ হাজৰীকাই নিৰ্বাচন পৰ্যন্ত মিত্ৰজোট ভাঙি যাব বুলি বিৰোধী ঐক্যক কটাক্ষ কৰে ৷

ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই আদৰণি ভাষণ আগবঢ়োৱা গণ সমাৱেশত মন্ত্ৰী পীযুষ হাজৰীকাই মিচিং অধ্যুষিত 10 খন জিলাত মিচিং জাতিৰ কৃষি উৎসৱ আলি-আয়ে-লৃগাঙত চৰকাৰী বন্ধ ঘোষণা কৰে ৷ তদুপৰি সভাত মন্ত্ৰী পীযুয হাজৰিকাই ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আচঁনিৰ প্ৰশংসা কৰি কংগ্ৰেছসহ বিৰোধী মিত্ৰ দলক চোকা সমালোচনা কৰে ৷ লগতে বিৰোধীৰ প্ৰতি আক্ৰমণাত্মক হৈ কয়, কংগ্ৰেছৰ চাঙে চাঙে কাৰ্যসূচী পাহাৰ ভৈয়ামত নচলে, চলে মাত্ৰ মুছলমান অধ্যুষিত চৰ এলেকাতহে ।

গণ সমাৱেশ অনুষ্ঠানটোত মন্ত্ৰী হাজৰীকাই লগতে কংগ্ৰেছে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি দাবী জনোৱাৰ লগতে ভূপেন বৰাই এইবাৰো নিৰ্বাচনত হাৰি পৰাজয়ৰ অভিলেখ গঢ়িব বুলি তীব্ৰ কটাক্ষ কৰে । ইপিনে সভাত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে উপস্থিত থাকে জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ লগতে দলটোৰ স্থানীয় বহু কৰ্ম-কৰ্তা উপস্থিত থাকে ৷

মন্ত্ৰীগৰাকীয়ে জোনাই জলসম্পদ বিভাগৰ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ নিৰ্মাণ হ'বলগীয়া কাৰ্যালয়ৰ আধাৰশিলা 1,98,42,000 টকা ব্যয় সাপেক্ষে স্থাপন কৰে ।

লগতে পঢ়ক: Petrol pump sealed : গ্ৰাহকৰ সৈতে প্ৰৱঞ্চনা কৰাৰ অভিযোগত ছীল হ’ল পেট্ৰ’ল পাম্প

Last Updated :Nov 10, 2023, 3:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.