ETV Bharat / state

জোনাইত মিছন বসুন্ধৰা আঁচনি উদ্বোধন সাংসদ প্ৰদান বৰুৱাৰ

author img

By

Published : Oct 5, 2021, 7:19 AM IST

Mission Basundhara Launch At Jonai
জোনাইত মিছন বসুন্ধৰা আঁচনি উদ্ধোধন সাংসদ প্ৰদান বৰুৱাৰ

গান্ধী জয়ন্তীৰ দিনটোতে ৰাজ্য চৰকাৰে মুকলি কৰিছিল মিছন বসুন্ধৰা । সোমবাৰে জোনাইত মিছন বসুন্ধৰাৰ শুভাৰম্ভ কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ৷

জোনাই, 5 অক্টোবৰ : জোনাই ৰাজহ চক্ৰৰ গালীত সোমবাৰে অসম চৰকাৰৰ ধ্বজাবাহী আঁচনি ‘মিছন বসুন্ধৰা’ৰ শুভ উদ্বোধন কৰা হয় । ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত জোনাই ৰাজহ চক্ৰৰ হাবাং গাঁৱত উপস্থিত হৈ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই জি পি এছ পদ্ধতিৰ জৰীপৰ আঁচনিখন উদ্বোধন কৰে । ইয়াৰ পাছতে গালী চিকাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত জোনাই মহকুমাৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বীবেদীৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ।

অনুষ্ঠানত ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত (ৰাজহ) উৎপল দলেই অংশগ্ৰহণ কৰি কয় যে, অসম চৰকাৰে মিছন বসুন্ধৰা আঁচনি গ্ৰহণ কৰি খিলঞ্জীয়া জনসাধাৰণক ভূমি অধিকাৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । এই আঁচনিৰ দ্বাৰা অসমৰ জৰীপ নোহোৱাকৈ থকা গাঁওসমূহ আৰু বনাঞ্চলসমূহত বসবাস কৰা জনজাতি তথা পৰম্পৰাগত গাঁওসমূহৰ জৰীপৰ কাম হাতত লোৱা হৈছে ৷

উৎপল দলেই উল্লেখ কৰা অনুসৰি, অসমৰ মুঠ ৬৩০ খন গাঁৱৰ ভিতৰত ধেমাজি জিলাত ২০৯ খন গাঁও জৰীপ নোহোৱাকৈ আছে ৷ ইয়াৰে ১০০ খন গাঁও সংৰক্ষিত বনাঞ্চলত থকাৰ বিপৰীতে জোনাই ৰাজহ চক্ৰত ১০৯ খন গাঁও জৰীপ নোহোৱাকৈ আছে ৷

অতিৰিক্ত উপায়ুক্তগৰাকীয়ে লগতে জনায় যে, ধেমাজি জিলাৰ অন্তৰ্গত জোনাই ৰাজহ চক্ৰৰ ১০৯ খন জৰীপ নোহোৱাকৈ থকা গাঁৱৰ জৰীপৰ কাম ভৌগোলিক তথ্যগত পদ্ধতিৰে সোমবাৰৰ পৰা আৰম্ভ কৰা হৈছে ৷ তেওঁ লগতে চৰকাৰে ৩১ মাৰ্চৰ ভিতৰত এই প্ৰক্ৰিয়া সমাপ্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা উল্লেখ কৰি ৰাইজৰ এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতাৰ আহ্বান জনায় ৷

লগতে পঢ়ক : ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ চীফ এয়াৰ মাৰ্শ্বেলৰ দায়িত্ব গ্ৰহণ দিলীপ কুমাৰ পাটনায়কৰ

আনহাতে, অনুষ্ঠানত উপস্থিত থাকি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই শাসকীয় চৰকাৰে অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আন্তৰিকতাৰে কাম কৰিছে বুলি মন্তব্য কৰে ৷ তেওঁ অসমৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ বাবে পৰ্যায়ক্ৰমে সিদ্ধান্ত লৈ ইয়াৰ সমাধানৰ পথ উলিয়াবলৈ নিৰন্তৰভাৱে পদক্ষেপ গ্ৰহণ কৰাৰ কথাও জানিবলৈ দিয়ে ৷

সাংসদগৰাকীয়ে উল্লেখ কৰা অনুসৰি, অসমৰ খিলঞ্জীয়া ৰাইজৰ মাজত থকা আটাইতকৈ ডাঙৰ সমস্যাই আছিল ভূমিৰ সমস্যা ৷ যাৰ ফলত খিলঞ্জীয়া কৃষক ৰাইজে উৎপাদিত খাদ্য শস্য চৰকাৰী উচিত মূল্যত বিক্ৰীৰ সুবিধাও পৰাও বঞ্চিত হ'বলগা হৈ আহিছিল ৷ চৰকাৰে মিছন বসুন্ধৰা আঁচনি গ্ৰহণ কৰি অসমৰ খিলঞ্জীয়া ৰাইজক ভূমিৰ অধিকাৰ প্ৰদানৰ বৃহৎ কাৰ্যপন্থা হাতত লৈছে ৷

এই সভাতেই সাংসদগৰাকীয়ে অসমৰ ভূমিপুত্ৰসকলৰ অস্তিত্ব ৰক্ষাৰ বাবে চৰকাৰে নতুনকৈ চিচিটঙানি জনজাতি আবেষ্টনী গঠনৰ কাম হাতত লোৱাৰ কথা উল্লেখ কৰি গৰুখুঁটি, চৰ-চাপৰিৰ বেদখলকাৰীক উচ্ছেদ চলাই প্ৰকৃত উচ্ছেদিত পৰিয়ালক পুনঃসংস্থাপনৰ ব্যৱস্থা লোৱাৰ কথা সদৰি কৰে ৷ সভাত ধেমাজি জিলা পৰিষদৰ সদস্য অতুল পেগু, জোনাই মহকুমা বন অধিকাৰ আইন কাৰ্যকৰী সমিতিৰ সদস্য মনোৰঞ্জন বসুমতাৰী, ধেমাজি জিলা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ, পূৱ জোনাই মণ্ডল বিজেপিৰ সভাপতি আদিত্য বৰুৱা, জোনাই জিলা এম এম কেৰ সভাপতি মুক্তিনাথ পেগু, গালী চিকাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী পদ্মিতী মিলি উপস্থিত থাকে ।

লগতে পঢ়ক : চাপাখোৱা পাৱাৰ গ্ৰীড উপকেন্দ্ৰ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.