ETV Bharat / state

ধেমাজি 'জ্যেষ্ঠ কুঞ্জ'ত মাতৃ দিৱস পালন

author img

By

Published : May 10, 2021, 9:29 AM IST

ধেমাজি জ্যেষ্ঠ কুঞ্জত মাতৃ দিৱস পালন
ধেমাজি জ্যেষ্ঠ কুঞ্জত মাতৃ দিৱস পালন

ধেমাজিৰ নিমাতিচুকস্থিত জ্যেষ্ঠ নাগৰিকসকলৰ আবাস গৃহ জ্যেষ্ঠ কুঞ্জৰ আবাসী আইতাসকলে মাতৃ দিৱসৰ দিনটোত পৰিয়ালৰ পৰা আতঁৰি থাকিও মনত সন্তাপ নথকা বুলি ব্যক্ত কৰিলে ৷ ইয়াৰ লগতে জ্যেষ্ঠ কুঞ্জৰ আবাসী আইতাসকলে মাতৃ সমাজক মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

ধেমাজী, 10 মে’ : ‘নৈৰ সমান ব’ব কোন, আইৰ সমান হ’ব কোন’ ৷ 9 মে‘ আন্তজাৰ্তিক মাতৃ দিৱস ৷ প্ৰতি গৰাকী মাতৃয়ে নিজ সন্তানৰ বাবে নিজৰ জীৱনকো তুছ জ্ঞান কৰি সৰ্বোচচ ত্যাগ কৰি আহিছে ৷ সন্তানক ডাঙৰ দীঘল কৰি মানুহ কৰাৰ বাবে পিতৃতকৈ যেন অধিক অহোপুৰুষাৰ্থ কৰি আহিছে ৷ সেয়ে এই দিনটো জন্মদাত্ৰীসকলৰ বাবে বিশেষ দিন হিচাপে পালন কৰা হয় ৷

পিছে পৰিতাপৰ বিষয় যে, একাংশ মাতৃয়ে জীৱনৰ বিয়লি বেলাত পুত্ৰ বোৱাৰীৰ বাবে বোজা হোৱা বুলি অনুভৱ কৰিছে ৷ নিজৰ ঘৰ তথা পৰিয়ালৰ অৱহেলা পাত্ৰ হোৱাৰ বাবে অৱশেষত জীৱনৰ বিয়লি বেলাত বৃদ্ধাশ্ৰমৰ দৰে ঠাইত আশ্ৰয় ল’বলগীয়া দৰে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ যি সময়ত নাতি-নাতিনীৰে ভৰা এখন ঘৰত কটাব লাগে সেই সময়ত তেওঁলোকৰ এতিয়া বৃদ্ধাশ্ৰম শেষ ঠিকনা হৈছেগৈ ৷

ধেমাজি জ্যেষ্ঠ কুঞ্জত মাতৃ দিৱস পালন

ধেমাজিৰ নিমাতিচুকস্থিত জ্যেষ্ঠ নাগৰিকসকলৰ আবাস গৃহ জ্যেষ্ঠ কুঞ্জৰ আবাসী আইতাসকলে মাতৃ দিৱসৰ দিনটোত পৰিয়ালৰ পৰা আতঁৰি থাকিও মনত সন্তাপ নথকা বুলি ব্যক্ত কৰিলে ৷ সময় মতে সুষম আহাৰ যোগাৰ ধৰাৰ উপৰিও পৰিচৰ্চা কৰি থকা আশ্ৰমৰ পৰিচালক-পৰিচালিকাসকলেই পুত্ৰ-বোৱাৰী আৰু জী দৰে আকোঁৱালি লৈছে বুলি কৈ সকলো মাতৃ সমাজক মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

উল্লেখ্য যে, ভাৰত চৰকাৰৰ সামাজিক ন্যায় সৱলীকৰণ মন্ত্ৰণালয়ৰ সাহাৰ্য্যপ্ৰাপ্ত লখিমপুৰৰ খৰাপথাৰ যুৱক সমাজৰ দ্বাৰা এই বৃদ্ধাশ্ৰমখন পৰিচালিত হৈ আহিছে ৷ পৰিচালকগৰাকীয়ে জানিব দিয়া মতে, বৰ্তমান ১২ গৰাকী বৃদ্ধাই আশ্ৰয় লোৱাৰ লগতে চিকিৎসাৰ বাবে এগৰাকী নাৰ্চ, এগৰাকী চিকিৎসক আৰু চোৱাচিতা কৰাৰ বাবে ন গৰাকীকৈ কৰ্মচাৰী আছে ৷

লগতে পঢ়ক : বৃদ্ধ বয়সতো জীৱন সংগ্ৰামত ব্ৰতী খোৱাঙৰ পাৰুল সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.