ETV Bharat / state

Farming in Assam : অসম অৰুণাচল সীমান্তত তৈল খেজুৰৰ খেতি

author img

By

Published : Jul 28, 2023, 7:25 AM IST

Farming in Assam
তৈল খেজুৰৰ পুলি ৰোপণ কাৰ্যসূচী

ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৰ বেচামৰাত তৈল খেজুৰ ৰোপণ কাৰ্যসূচী ৷ প্ৰথমবাৰৰ বাবে 69 হেক্টৰ কৃষিভূমিত 63 গৰাকী কৃষকে কৰিব তৈল খেজুৰৰ খেতি ৷

তৈল খেজুৰৰ পুলি ৰোপণ কাৰ্যসূচীত বিধায়ক ভুৱন পেগু

ধেমাজি, 28 জুলাই : ধেমাজি জিলাত তৈল খেজুৰ ৰোপণ কাৰ্যসূচী ৷ ধেমাজি জিলা প্ৰশাসন, কৃষি বিভাগ আৰু কে. ই. কাল্টিভেশ্যনৰ উদ্যোগত NMEO-OP আঁচনিৰ অধীনত এই অনুষ্ঠান বৃহস্পতিবাৰে সম্পন্ন হৈ যায় । তৈল খেজুৰৰ পুলি ৰোপণ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এখন সভা অনুষ্ঠিত কৰা হয় ৷ সভাৰ কাম-কাজৰ আৰম্ভণি হয় জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ বক্তব্যৰে ৷

জিলা কৃষি বিষয়া নৰনাথ পেগুৱে সভাখনত তৈল খেজুৰৰ বিভিন্ন ভাল দিশ সন্দৰ্ভত বক্তব্য দাধি ধৰে ৷ ইয়াৰোপৰি, কে. ই. কোম্পানীৰ প্ৰতিনিধি পংকজ চন্দক, কৃষি বিজ্ঞান কেন্দ্ৰ প্ৰধান তথা জ্যেষ্ঠ বিজ্ঞানী গুঞ্জন গগৈ, জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে তৈল খেজুৰৰ খেতিৰ জৰিয়তে কৃষকসকলে কেনেদৰে লাভান্বিত হ’ব পাৰিব সেই সন্দৰ্ভত কৃষক ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়ায় ৷

উল্লেখযোগ্য যে, ধেমাজি জিলাখনত প্ৰথম পৰ্যায়ত 63 জন খেতিয়কৰ মুঠ 69 হেক্টৰ মাটিকালিত তৈল খেজুৰৰ খেতি কৰা হ’ব বুলি জানিবলৈ পৰা গৈছে । জিলাখনৰ বিভিন্ন ঠাইত এই তৈল খেজুৰ ৰোপণ কাৰ্যসূচীৰ সময়সীমা হৈছে 25 জুলাইৰ পৰা 5 আগষ্ট ।

তৈল খেজুৰৰ খেতি কৰি এজন কৃষকে অন্য খেতিতকৈ দুগুণ উপাৰ্জন কৰিব পাৰিব বুলি মত প্ৰকাশ কৰে বিধায়ক ভুৱন পেগুৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান তথা জ্যেষ্ঠ কৃষি বিজ্ঞানী গুঞ্জন গগৈয়ে । অনুষ্ঠানটোত উপস্থিত থাকে জিলা উপায়ুক্ত অংকুৰ ভৰালী আৰু জিলা কৃষি বিষয়া নৰনাথ পেগুৰ লগতে কৃষক আৰু কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী ৷

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত মিজোৰামত ভালে সংখ্যক কৃষক এই খেতিৰ জৰিয়তে উপকৃত হোৱাৰ লগতে আৰ্থিকভাৱে যথেষ্ট লাভাম্বিত হৈছে ৷ অসমৰ 18 খন জিলাত শীঘ্ৰেই এই খেতি কৰা হ'ব ৷ ইতিমধ্যেই এই প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

লগতে পঢ়ক : Increasing water level of Jiadhal river: ধেমাজিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিল জীয়াঢলৰ বাঢ়নী পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.