Increasing water level of Jiadhal river: ধেমাজিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিল জীয়াঢলৰ বাঢ়নী পানী

By

Published : Jul 27, 2023, 10:50 PM IST

thumbnail

ধেমাজি, 27 জুলাই : ধেমাজিত জীয়াঢলৰ কাংকু সুঁতিৰ বাঢ়নী পানী বৃহস্পতিবাৰে ফেনেফুটুকাৰে বাঢ়ি আহে ৷ পুৱাৰে পৰা মূষলধাৰ বৰষুণৰ বাবে পানীৰ স্তৰ বৃদ্ধি পায় আৰু বাঢ়নী পানী জীয়াঢল চাৰিআলিৰ সমীপৰ পৰা ন আলি ভজু গাৱঁলৈকে ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেৰে বাগৰিবলৈ ধৰে ৷ যাৰ ফলত আজি যান বাহন চলাচলত ব্যাপক অসুবিধাৰ উপৰিও নানা সমস্যাৰ সৃষ্টি হয় ৷

ঘাইপথৰ দুয়োকাষে ৰঙা ফিতা দি সৰ্তকতা অৱলম্বন কৰিবলৈ নিৰ্দেশনা দিছে প্ৰশাসনে ৷ ইপিনে এই বাঢ়নী পানীয়ে জীয়াঢল চাৰিআলিৰ সমীপৰ নআলি ভজু গাঁও, হেচুলি, শালমাৰী, চেচাসহ দিহিৰি চাপৰি আদি গাঁও প্লাবিত কৰি তোলাত জনজীৱনৰ যাত্ৰা অচল হৈ পৰে ৷ এই বাতৰি যুগুত কৰাৰ সময়লৈকে পানী কমা নাই যদিও নিশালৈ পানী হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : Embankment reconstruction: খহনীয়া প্ৰতিৰোধৰ বাবে দেঃতাক নদীৰ পাৰত জিঅ’ টিউব স্থাপন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.