ETV Bharat / state

ধেমাজিত খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 11:23 AM IST

khel Maharan 2023-24
ধেমাজিত খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা আৰম্ভ

khel Maharan 2023-24: ধেমাজি ষ্টেডিয়ামত শনিবাৰৰ পৰা আৰম্ভ হৈছে জিলা পৰ্যায়ৰ খেল মহাৰণৰ কাৰ্যসূচী ৷ ধেমাজি জিলাৰ দুই সমষ্টি ধেমাজি আৰু জোনাই বিধানসভা সমষ্টিৰ নিৰ্বাচিত মুঠ ৪৫০ গৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷

ধেমাজিত খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা আৰম্ভ

ধেমাজি, ৭ জানুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰৰ পৰা আৰম্ভ হৈছে জিলা পৰ্যায়ৰ খেল মহাৰণৰ কাৰ্যসূচী ৷ ধেমাজি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন শতাধিক বেলুন উৰুৱাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে স্থানীয় বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ উদ্বোধনী ভাষণত শিক্ষামন্ত্ৰী পেগুৱে খেলুৱৈসকলক পেছাদাৰী মনোবৃত্তিৰে খেলক জীৱনৰ অংগ হিচাপে ধৰিবলৈ আহ্বান জনায় আৰু খ্যাতিমান খেলুৱৈসকলক ৰাজ্য চৰকাৰে সদায় পৃষ্ঠপোষকতা কৰিব বুলি মন্তব্য কৰে ৷

এই অনুষ্ঠানটোত ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে উদ্বোধনী অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে শুভেচ্ছামূলক বক্তব্য আগবঢ়োৱাৰ বিপৰীতে অসমৰ জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালীয়ে গীতৰ শৰাইৰে উপস্থিত প্ৰায় ৫ শতাধিক ক্ৰীড়াপ্ৰেমীক আপ্লুত কৰে ৷

ধেমাজি জিলাৰ দুই সমষ্টি ধেমাজি আৰু জোনাই বিধানসভা সমষ্টিৰ নিৰ্বাচিত মুঠ ৪৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত ৷ এই কাৰ্যসূচীৰ প্ৰথম দিনা ভলীবল, খো খো আৰু কাবাডী প্ৰতিযোগিতা সম্পন্ন হয় ৷

উল্লেখ্য যে, বহু ভিতৰৰ অঞ্চলৰ খেলুৱৈয়ে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সুযোগ লাভ কৰিছে এই প্ৰতিযোগিতাখনত ৷ এই অনুষ্ঠানত ধেমাজিৰ বহু ক্ৰীড়াপ্ৰেমীৰ সমাগম হোৱাৰ পৰিলক্ষিত হয় ৷

লক্ষণীয় যে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপ আজুৰি আনিবলৈ সক্ষম হোৱা ধেমাজিৰ তিনি প্ৰতিভাশালী খেলুৱৈ ক্ৰমে পাপুল চাংমাই, মনালিচা সোণোৱাল আৰু দীতিমণি সোণোৱালক ধেমাজি প্ৰশাসনে বিপুল সম্বৰ্ধনা জনায় ৷ এনে অনুষ্ঠানে অনাগত সময়ত ৰাজ্যৰ বহু ভিতৰুৱা অঞ্চলৰ খেলুৱৈসকলক নিজৰ প্ৰতিভা বিকাশত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক: বুধবাৰৰ পৰা দৰঙত জিলা পৰ্যায়ৰ খেল মহাৰণৰ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.