ETV Bharat / state

বুধবাৰৰ পৰা দৰঙত জিলা পৰ্যায়ৰ খেল মহাৰণৰ আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 11:19 AM IST

District level khel maharan start in Darrang
বুধবাৰৰ পৰা দৰঙত জিলা পৰ্যায়ৰ খেল মহাৰণৰ আৰম্ভ

দৰঙত(Darrang) জিলা পৰ্যায়ৰ খেল মহাৰণ(khel maharan) বুধবাৰৰ পৰা আৰম্ভ ৷ সাংসদ দিলীপ শইকীয়া(MP Dilip Saikia), অৰ্জুন বঁটা প্ৰাপক নয়নমণিৰ লগতে কেইবাজনো বিশিষ্টব্যক্তিৰ উপস্থিত দৰঙৰ জিলা পৰ্যায়ৰ খেল মহাৰণ আৰম্ভ হয় ৷

মঙলদৈ, 28 ডিচেম্বৰ : বুধবাৰে মঙলদৈৰ কাছাৰী ময়দানত দৰঙৰ জিলা পৰ্যায়ৰ খেল মহাৰণ 2023ৰ প্ৰতিযোগিতা আৰম্ভ হয় ৷ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস, বিধায়ক পৰমানন্দ ৰাজবংশী, অৰ্জুন বঁটাপ্ৰাপক নয়নমণি শইকীয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷

উদ্বোধনী ভাষণত খেল মহাৰণৰ প্ৰসংগ উল্লেখ কৰি সাংসদ শইকীয়াই কয়, ‘‘ অসমৰ চুকে-কোণে থকা প্ৰতিভাৱান খেলুৱৈসকলৰ বিকাশৰ বাবে ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা খেল মহাৰণ অনুষ্ঠিত কৰা হৈছে ৷ ইয়াৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছো ৷’’ বিগত কেইবছৰমানৰ পৰা ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰী শৰ্মাই অসমক ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিব বিচাৰিছে । মুখ্যমন্ত্ৰীৰ এই সপোন বাস্তৱায়িত কৰাৰ বাবে খেলুৱৈ, ক্ৰীড়ানুৰাগী, ক্ৰীড়া সংগঠক আদি সকলোৱে সহযোগ কৰিব লাগে ৷’’

বিধায়ক পৰমানন্দ ৰাজবংশীয়ে খেল মহাৰণৰ সন্দৰ্ভত কয়, ‘‘খেল মহাৰণ, অসম সাংস্কৃতিক মহাসংগ্ৰামৰ দৰে অভিনৱ প্ৰতিযোগিতাৰ আয়োজন কৰি ৰাজ্যখনৰ গ্ৰামাঞ্চলত লুকাই থকা প্ৰতিভাৱান খেলুৱৈক এখন মঞ্চ দিছে ৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰী পদক্ষেপ প্রশংসনীয় ৷ অদূৰ ভৱিষ্যতে অসমৰ যুৱপ্ৰজন্মৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব ৷’’

সফলতা লাভৰ বাবে কঠোৰ সাধনাৰ প্ৰয়োজনীয়তাৰ কথা ব্যাখ্যা কৰি অৰ্জুন বঁটা প্ৰাপক নয়নমণি শইকীয়াই কয়, ‘‘কঠোৰ অনুশীলনৰ অবিহনে সফলতা লাভ কৰিব নোৱাৰি ৷ ৰাজ্য চৰকাৰৰ যি পদক্ষেপ লৈছে সেয়াও শলাগ ল’বলগীয়া ৷ খেল মহাৰণৰ দ্বাৰা খেলুৱৈসকলে এটা মঞ্চ দিয়া হৈছে ৷ যিয়ে অনাগত দিনত ৰাজ্যবাসীৰ বাবে গৌৰৱৰ বিষয় হ’ব ৷’’

লগতে পঢ়ক : ঠিকাদাৰৰূপী জনপ্ৰতিনিধিয়ে কাম নকৰাকৈয়ে সৰকালে ১২ লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.