ETV Bharat / state

নদীলৈ পৰিণত কৃষকৰ শ-শ বিঘা কৃষিভূমি

author img

By

Published : Jul 23, 2020, 7:18 PM IST

Hundreds of bighas of agricultural land turned into rivers at Jonai
Hundreds of bighas of agricultural land turned into rivers at Jonai

পথাৰ নহয় যেন নদীহে ৷ জোনাইৰ মিছামৰা,কাৰিচুকত অঞ্চলত চেৰেন নদীৰ বিভীষিকা ৷ পানীৰ মাজত সেউজীয়া ধাননি পথাৰখন বিচাৰি হাবাথুৰি দৰিদ্ৰ কৃষকৰৰ ৷

জোনাই,২৩ জুলাই : জোনাইৰ মিছামৰা, কাৰিচুকত অঞ্চলত চেৰেন নদীৰ বিভীষিকা ৷ পানীৰ মাজত সেউজীয়া ধাননি পথাৰখন বিচাৰি হাবাথুৰি দৰিদ্ৰ কৃষকৰ ৷ নদী যেন লগা এই ঠাইখনত আচলতে নাছিল কোনো নদী,বৰঞ্চ আছিল শ-শ বিঘা কৃষি পথাৰ ৷

নদীলৈ পৰিণত কৃষকৰ শ-শ বিঘা কৃষিভূমি

কিন্তু হঠাৎ শতাধিক খেতিয়কৰ বিশাল খেতি পথাৰৰ পৰিণত হ’ল এখন বিশাল নদী লৈ । কপালৰ ঘাম বোৱাই ৰোৱা সেউজীয়া ধাননি পথাৰখন বিচাৰি পোৱাটো বাদেই,এতিয়া পথাৰৰ সীমাও যেন বিচাৰি ওলিয়াবলৈ অপাৰগ কৃষক ৰাইজ ৷

ডেকা,পতে,চেৰেন নদীৰ বলীয়া বানত অঞ্চলটোৰ শ শ কৃষি ভূমিত এতিয়া কেৱল বালি আৰু পলস । কৃষি কৰ্মৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল কৃষক সকলৰ ভৱিষ্যতলৈ নামি আহিছে অমানিশা ৷ এতিয়া কৃষি বিভাগ তথা চৰকাৰক এনে দুৰ্যোগৰ প্ৰতি চকু মেলি চাবলৈ আহ্বান দুৰ্ভগীয়া কৃষকৰ ৷

লগতে চাওক-লখিমপুৰৰ আনাৰস খেতিয়কলৈ নামিছে বিপৰ্যয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.