ETV Bharat / state

লখিমপুৰৰ আনাৰস খেতিয়কলৈ নামিছে বিপৰ্যয়

author img

By

Published : Jul 23, 2020, 4:09 PM IST

লকডাউন, প্ৰতিকূল বতৰৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন কৃষক ৷ বাৰীতে গেলিছে পকা আনাৰস ৷ নাই উপযুক্ত বজাৰ, নাই গ্ৰাহক ৷

লখিমপুৰৰ আনাৰস খেতিয়কলৈ নামিছে বিপৰ্যয়
লখিমপুৰৰ আনাৰস খেতিয়কলৈ নামিছে বিপৰ্যয়

নাওবৈচা, 23 জুলাই :সুস্বাদু আনাৰসৰ বাবে প্ৰসিদ্ধ লখিমপুৰ জিলাৰ বগীনদীৰ তাৰিয়নি অঞ্চল । ওখমাটি পঞ্চায়তৰ অন্তৰ্গত 2 নং তাৰিয়নি আৰু ৰাজগড়ৰ ৰসাল সুস্বাদু আনাৰসৰ মিঠা গোন্ধৰে এতিয়া চৌদিশ আমোল মোল । আহাৰ আৰু শাওন মাহত পুৰঠ হৈ উঠে এই ৰসাল আনাৰস সমূহ । গাঁওখনৰ শতাধিক সাধাৰণ কৃষক ৰাইজৰ উপাৰ্জনৰ একমাত্ৰ পথ হৈছে এই আনাৰসৰ খেতি । দশক দশক ধৰি গাঁওখনৰ শতাধিক পৰিয়ালে আনাৰসৰ উৎপাদনেৰে দাঙি ধৰি আহিছে স্বাৱলম্বনৰ উৎকৃষ্ট নিদৰ্শন ৷

বৃহৎ লোকচানৰ সন্মুখীন কৃষক

কিন্তু এইবাৰ ঈপ্সিত উপাৰ্জনৰ পৰা বঞ্চিত হৈ ক্ৰমাৎ হতাশাত ভূগিছে এইসকল কৃষক পৰিয়াল ৷ ৰাজ্যত অব্যাহত থকা লক্ ডাউন আৰু প্ৰতিকূল বতৰে বেয়াকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে কৃষক সকলৰ জীৱিকাত ৷ লকডাউনৰ বাবে বন্ধ হৈ পৰা বজাৰ সমূহৰ লগতে দুমাহ ধৰি একেৰাহে দি থকা ধাৰাসাৰ বৰষুণে যথেষ্ট কমাই আনিছে আনাৰসৰ চাহিদা ৷

পূৰ্বতে প্ৰতিযোৰা আনাৰস ৭০ ৰ পৰা ৮০ টকাকৈ বিক্ৰী হৈছিল যদিও এইবৰ্ষত ইয়াৰ মূল্য হ্ৰাস পাই হৈছে প্ৰতিযোৰা ৪০ ৰ পৰা ৫০ টকা ৷ কৃষি বিভাগৰ সাহাৰ্য নোহোৱাকৈ আনাৰসৰ খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱা শেখৰ আৰু সন্তোষ নোৱাৰৰ এতিয়া উপায়ন্তৰ অৱস্থা । বাৰীত পকা আনাৰস ছিঙি আনি চোতালত দমাই অপেক্ষা মাথোঁ কেৱল গ্ৰাহকলৈ দুই ভাতৃদ্বয়ৰ ৷

লগতে চাওক-বিশ্ব মস্তিস্ক দিৱস ২০২০

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.