ETV Bharat / state

ধেমাজিত বানত বুৰ শ শ বিঘা নহৰু খেতি

author img

By

Published : Apr 7, 2022, 7:37 PM IST

Flood in Assam
ধেমাজিত বানত বুৰ শ শ বিঘা নহৰু খেতি

আৱতৰীয়া বানৰ কৱলত ৰাজ্য(Flood in Assam) ৷ তিনিচুকীয়া, লখিমপুৰ, ধেমাজি জিলাৰ কেইবাখনো গাঁও বুৰ গৈছে আৱতৰীয়া বানত ৷ ধেমাজিত বানত বুৰ গৈছে শ শ বিঘা নহৰুৰ লগতে সৰিয়হ, আলুৰ খেতি ৷

জোনাই, ৭ এপ্ৰিল : ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিত এইবাৰ বানত বুৰ গৈছে শ শ বিঘা নহৰু খেতি(Garlic cultivation in Assam) । জোনাই সমষ্টিৰ চমকং গাঁও পঞ্চায়তত লালী নৈ পাৰৰ অপ্সৰা, চিভিল কৈৱৰ্ত, লামা আদি কেইবাখনো গাঁৱত নহৰু, সৰিয়হ, আলু খেতি আদি ফচল একাঠুৰ পৰা একঁকাল পানীৰ মাজত গেলিবলৈ ধৰিছে । নাও লৈ তুলিব লগা হৈছে সপোনৰ খেতি নহৰু ।

দুৰ্ভগীয়া কৃষক

নহৰু খেতিৰ বাবে বিখ্যাত ব্ৰহ্মপুত্ৰ পাৰৰ এই তিনিখন গাঁৱৰ লোকৰ বাবে এইবাৰৰ অকস্মাতে অহা বানে কাল হৈ পৰা বুলি উল্লেখ কৰে ভুক্তভোগী খেতিয়কে । কাৰণ চ'ত মাহত কেতিয়াও বান হোৱা নাছিল উক্ত গাঁও অঞ্চলত । এইক্ষেত্ৰত অকস্মাতে এই বান ক'ৰ পৰা আহিল, ইয়াক লৈ সন্দেহ প্ৰকাশ কৰিছে খেতিয়ক ৰাইজে ।

এয়া নদীবান্ধৰ অতিৰিক্ত পানী এৰি দিয়াৰ ফল বুলিও সন্দেহ কৰিছে ৰাইজে (Dams responsible for causing floods in Assam) । কৃষি প্ৰধান গাঁওকেইখনত বিগত বছৰৰ দৰে নহৰু বিক্ৰী কৰি ৰঙালী বিহুৰ আনন্দ লোৱা পৰিৱৰ্তে এই সকল খাঁটি খোৱা গঁঞা ৰাইজে মূৰে কপালে হাত দিব লগাত পৰিছে । আনহাতে এই খবৰ জনপ্ৰতিনিধি তথা জিলা কৃষি বিভাগক খবৰ দিয়াৰ পিছতো গেলি-পচি যোৱা খেতিয়কৰ ফচল চাবলৈ নহাত ক্ষুব্ধ হৈ পৰে ৰাইজ ।

লগতে পঢ়ক : চ’ত মাহতে বানত বুৰিল নাৰায়ণপুৰৰ বিস্তৃত অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.