চ’ত মাহতে বানত বুৰিল নাৰায়ণপুৰৰ বিস্তৃত অঞ্চল

By

Published : Apr 7, 2022, 3:12 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail

বানৰ কবলত বিহপুৰীয়া বিধানসভা সমষ্টিৰ নাৰায়ণপুৰৰ বিস্তৃত অঞ্চল(Flood in Lakhimpur) । দোৰ্পাং আৰু পিছলা নৈৰ বাঢ়নী পানীয়ে বুৰালে বৃহত্তৰ মাঘনোৱা অঞ্চলৰ কেইবাখনকৈ গাঁও । 24 ঘন্টাৰো অধিক সময় বান বুৰি থকাৰ পিছতো বানাক্ৰান্তৰ খবৰ ল’বলৈ আহৰি নাই চৰকাৰ তথা প্ৰশাসনৰ । অপৰিকল্পিত আৰু অবিজ্ঞানসন্মতভাৱে আঁচনি ৰূপায়ণৰ ফলশ্ৰুতিতেই এই অৱস্থা সৃষ্টি হোৱাৰ অভিযোগ বন্যাৰ্তৰ । চ’ত মাহতে অহা এই বানত মাঘনোৱা দললৈ যোৱা মূল পথটি পানীত বুৰ যোৱাৰ ফলত এতিয়া অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ।

Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.