ETV Bharat / state

প্ৰৱল বানত জোনাইত দুজন লোকৰ মৃত্যু

author img

By

Published : Jun 30, 2022, 3:51 PM IST

সোমবাৰৰ নিশাৰে পৰা নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত জোনাইত চিলে আৰু চিয়াং নদীৰ জলপৃষ্ঠ(Water level of Siang river) অধিক বৃদ্ধি পোৱাত জোনাইত জলমগ্ন হৈ পৰিছে বহু অঞ্চল (Flood at Jonai) ৷ ইতিমধ্যে বানৰ ফলত জিলাখনৰ বৰ্তমানলৈ দুজন লোকৰ মৃত্যু ঘটিছে (Two people die in flood at Jonai) ৷

Flood situation still grim in Assam’s Jonai
জোনাইত বানত দুজন লোকৰ মৃত্যু

জোনাই, 30 জুন: জোনাইত বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও সোমবাৰৰ নিশাৰে পৰা নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত জোনাইত চিলে আৰু চিয়াং নদীৰ জলপৃষ্ঠ(Water level of Siang river) অধিক বৃদ্ধি পোৱাত জলমগ্ন হৈ পৰিছে ন ন অঞ্চল (Flood at Jonai) ৷ ইতিমধ্যে বানৰ ফলত জিলাখনৰ দুজন লোকৰ মৃত্যু ঘটিছে (Two people die in flood at Jonai) ৷

জোনাইত বানত দুজন লোকৰ মৃত্যু

মৃত ব্যক্তি দুজন নাহৰ চিলে গাঁৱৰ ভৱানী মিলি নামৰ এজনী দুবছৰীয়া শিশু আৰু অকলেণ্ডৰ বলোৰাম ভূমিজ (৬০) নামৰ এজন লোক ৷ বুধবাৰে নিশা জোনাইৰ মালভোগ মিচিং গাৱঁৰ মথাউৰি চিলে নদীৰ বাঢ়নী পানীয়ে চিঙি পেলোৱাত আৰু নতুনকৈ কেবাখনো গাঁও বাঢ়নী পানীয়ে বুৰাই পেলাইছে (Flood situation still grim at Jonai) ৷

মহকুমাটোৰ মালভোগ, শান্তিপুৰ, নাহৰ চিলে, লুহিজান, বেৰা চাপৰি, অকলেণ্ড, বেৰা বেঙ্গলী, তাৰী বস্তি, মাজগাও, বেৰা চাপৰি, ৰোহিত পুৰ দেউৰী আদি কৰি প্ৰায় অৰ্ধশতাধিক গাওঁ চিলে নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৷ যাৰ ফলত বহু স্থানত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷

ইফালে ঘৰৰ ভিতৰতো পানী হোৱাত একাংশ পৰিয়ালে ওখ স্থানত আশ্ৰয় লৈ থকাৰ বিপৰীতে একাংশ পৰিয়ালে ঘৰৰ ভিতৰতে চাং সাজি কোনোমতে থকা বুলি জানিব পৰা গৈছে ৷ ইফালে বানৰ ফলত পশুধনৰ বাবেও অভাৱ হৈছে খাদ্য-বাসস্থানৰ ৷

লগতে পঢ়ক: Militant arrest in J and K: জম্মু-কাশ্মীৰৰ বান্দিপোৰাত অস্ত্ৰসহ গ্ৰেপ্তাৰ এল ই টি উগ্ৰপন্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.