ETV Bharat / state

ভূমি অধিগ্ৰহণ কেলেংকাৰীত আটক ২ সহকাৰী অভিযন্তা

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 7:47 PM IST

Scam in road construction in Dhemaji
ধেমাজিত অসম মালা আঁচনিত অনিয়ম

Engineers arrested in Dhemaji: মাছখোৱা চাৰিআলিৰ কিছু সংখ্যক ব্যক্তিৰ বাঁহৰ ঘৰটোক এমহলীয়া ঘৰ হিচাপে দেখুৱাই ক্ষতিপূৰণ দিয়া অভিযন্তা পৰিল আৰক্ষীৰ জালত । ধেমাজিত অসম মালা আঁচনিৰ অধীনত ২৪৬ কোটি টকাৰ অনিয়ম ।

ধেমাজিত অসম মালা আঁচনিত অনিয়ম

ধেমাজি, ১৫ ডিচেম্বৰ : ধেমাজিত অসম মালা আঁচনিৰ অধীনত ২৪৬ কোটি টকা ব্যয়ৰে নিৰ্মীয়মাণ ঢকুৱাখনাৰ পৰা মাছখোৱা হৈ ধেমাজি -তেলিজান পথৰ মাটি অধিগ্ৰহণ, ক্ষয়-ক্ষতিৰ নামত বৃহৎ কেলেংকাৰীত সাঙোৰ খাই আটক দুই সহকাৰী অভিযন্তা । ধেমাজি আৰক্ষীয়ে আটক কৰিছে ধেমাজি লোক নিৰ্মাণ (গৃহ) বিভাগৰ সহকাৰী অভিযন্তা সুনীল দলেক ৷ আৰক্ষীয়ে অভিযন্তাজনক পুৱাৰে পৰা ধেমাজি সদৰ আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷ সোধা পোছা অব্যাহত থকা বাবে এই সম্পৰ্কত আৰক্ষীয়ে মুখ খোলাৰ পৰা বিৰত আছে ৷

ইপিনে, একেটা অভিযোগতে আন এজন লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী ধেমাজিৰ পৰা ইতিপূৰ্বে বদলি হৈ ৰঙিয়াত কৰ্মৰত হোৱা সহকাৰী অভিযন্তা লব সোণোৱালক আটক কৰি ধেমাজিলৈ আনিছে ৷ উল্লেখ্য যে উক্ত পথচোৱা নির্মাণ কৰাৰ পূৰ্বে জৰীপ কৰা ৰাজহ আৰু গড়কাপ্তানী বিভাগে পথটোৰ বাবে ৬৬ ফুট বহলকৈ ভূমি জৰীপ কৰি পকী খুঁটা পুতিছিল । বিভাগে পকীপথ হোৱাৰ পাছত পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় ঘাইপথলৈ ৰূপান্তৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ৰাইজক অৱগত কৰিছিল ।

কিন্তু পৰৱৰ্তী সময়ত পথ নিৰ্মাণ কৰোতে কেৱল ৩৬ ফুট বহলকৈ নিৰ্মাণ কৰাত দৃষ্টিগোচৰ হোৱাত চিন্টু শইকীয়া নামৰ যুৱকজনে তথ্য জনা আইনৰ সহায়ত লাভ কৰা তথ্যৰ ভিত্তিত পথটোৰ মাটি অধিগ্ৰহণ আৰু ক্ষয়-ক্ষতিৰ নামত ব্যাপক বিসংগতি কৰাটো পোহৰলৈ আহে ৷ বিভাগে ক্ষতিপূৰণৰ নামত ভূৱা প্ৰাককলন প্ৰস্তুত কৰি ঘৰ, মাটি, গছ-গছনি আৰু অন্যান্য সম্পত্তিৰ ভুৱা তালিকা প্ৰস্তুত কৰি চৰকাৰী ধনৰ শৰাধ কৰাৰ ফন্দি কৰে ৷

উত্থাপিত অভিযোগ অনুসৰি মাছখোৱা চাৰিআলিৰ কিছু সংখ্যক ব্যক্তিৰ বাঁহৰ ঘৰটোক এমহলীয়া ঘৰ হিচাপে দেখুৱাই ক্ষতিপূৰণ দিয়া হৈছে । একেদৰে এমহলীয়া এটা পুৰণি ঘৰক দুমহলীয়া ঘৰ হিচাপে দেখুৱাই প্ৰায় ২ কোটিৰো অধিক টকা ক্ষতিপূৰণ দিয়া হৈছে এনেক্ষেত্ৰত মাছখোৱা অঞ্চলৰ সচেতন যুৱক দুজনে এই দুৰ্নীতিৰ বিৰুদ্ধে চি এম ভিজিলেঞ্চ,দুৰ্নীতি নিবাৰক শাখা, আৰক্ষী আৰু বিধানসভাৰ হিচাপ পৰীক্ষা বিভাগত অভিযোগ দাখিল কৰে ।

লগতে পঢ়ক:লখিমপুৰত সদৌ ভাৰত গ্ৰামীণ ডাক কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.