ETV Bharat / state

নাৱত উঠি সপৰিয়ালে পুনৰ কৈশাললৈ উভতিল দুৰ্গতি নাশিনী মা দুৰ্গা

author img

By

Published : Oct 6, 2022, 10:56 AM IST

Durga idol immersion in Assam
বিদায় ল’লে শক্তি দায়িনী দেৱী দুৰ্গাই

বিদায় ল’লে শক্তি দায়িনী দেৱী দুৰ্গাই (Durga idol immersion in Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত সম্পূৰ্ণ ৰীতি-নীতি অনুসৰি অশ্ৰু নয়নৰে বিজয়া দশমীৰ দিনা মা দুৰ্গাক বিদায় জনালে ভক্তপ্ৰাণ ৰাইজে ।

নিউজ ডেস্ক, 6 অক্টোবৰ : মহালয়াৰ দিনা হাতীত উঠি ধৰাৰ বুকুলৈ নামি অহা দেৱী দুৰ্গাক অৱশেষত অশ্ৰু নয়নৰে বিজয়া দশমীৰ দিনা বিদায় জনালে ভক্তপ্ৰাণ ৰাইজে । হাতীত উঠি ধৰালৈ অহা দুৰ্গতি নাশিনী মা দুৰ্গা নাৱত পুনৰ কৈশাললৈ উভতিল ৷ বিগত পাঁচ দিন ধৰি আনন্দ-উল্লাসেৰে গিজগিজাই থকা পূজা মণ্ডপসমূহ আজি ম্লান পৰিল ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজিত দুৰ্গা পূজাৰ প্ৰতিমাসমূহৰ বুধবাৰে বিয়লি ভাগৰ পৰা বিসৰ্জনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে (Durga idol immersion in Assam) ৷ প্ৰতিমা বিসৰ্জনৰ সময়ত ৰাজ্যৰ কোনো কোনো স্থানত কিছু বিসংগতি দেখা গ’লেও অধিকাংশ স্থানতে সুকলমে বিসৰ্জন প্ৰক্ৰিয়া সম্পন্ন হোৱা দেখা যায় ৷

বিদায় ল’লে শক্তি দায়িনী দেৱী দুৰ্গাই

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ শোণিতপুৰ জিলাৰ ৰঙাপৰাতো হিন্দু ধৰ্মৰ সম্পূৰ্ণ ৰীতি-নীতিৰে বিদায় জনোৱা হয় মা দুৰ্গাক (Durga idol immersion in Sonitpur) ৷ জানিব পৰা মতে, ৰঙাপৰাত মুঠ 42 খন পূজা সমিতিয়ে পালন কৰিছিল শাৰদীয় দুৰ্গা পূজা । অৱশেষত বুধবাৰে ঢাক-ঢোল আৰু পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰে পৰম্পৰা অনুসৰি ঐতিহাসিক ৰে’লৱে পুখুৰীত ৰঙাপৰাৰ একাংশ দুৰ্গা পূজা সমিতি মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়ে ৷

লগতে পঢ়ক : জলপাইগুৰিত প্ৰতিমা বিসৰ্জনত অঘটন: মাল নদীত হঠাৎ অহা বানৰ কৱলত পৰি 8 জনৰ মৃত্যু

ইফালে ডিফু আৰু বকলীয়াঘাটত শান্তিপূৰ্ণভাৱে বিজয়া দশমী উদযাপন কৰা হয় (Durga idol immersion at Diphu) ৷ অশ্ৰুসিক্ত নয়নেৰে ভক্তই বিসৰ্জন দিলে দেৱী দুৰ্গাক ৷ ডিফুৰ তিনিটা বিসৰ্জন ঘাটত প্ৰশাসনে বান্ধি দিয়া কঠোৰ নীতি নিৰ্দেশনাৰ মাজতে 30 খনকৈয়ো অধিক পূজা সমিতিয়ে দেৱী দুৰ্গাৰ লগতে অন্যান্য দেৱ-দেৱীৰ প্ৰতিমাসমূহ বিসৰ্জন দিয়ে ৷

ডিফুৰ ক্ৰমে, ৰিক্ৰেছন পাৰ্কৰ ওচৰত, পানবাৰী আৰু ঝিলপাৰত মা দুৰ্গাক বিসৰ্জন কৰা হয় ৷ ডিফুৰ ৰিক্ৰিয়েছন পাৰ্কৰ বিসৰ্জন ঘাটত জিলা অতিৰিক্ত উপায়ুক্ত এছ খান, দণ্ডাধীশ কাব্যশ্ৰী দিহিঙীয়া, ডিফু থানাৰ অচি জেএছ খবুঙ উপস্থিত থাকে ৷ আনহাতে, বকলীয়াঘাটৰ যমুনা নৈৰ ঘাটতো প্ৰায় 10 খনকৈ অধিক পূজা সমিতিয়ে দেৱী দুৰ্গাৰ লগতে অনান্য দেৱ দেৱীৰ বিসৰ্জন দিয়ে ৷ যমুনা নৈত মা দুৰ্গাক বিসৰ্জন কৰাৰ সময়ত অগনন ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় ৷

দেৱী দুর্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত জোনাইতো অগনন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয় । জোনাই মহকুমাৰ তিনিমাইল ঘাটতো 5 খন পূজাথলীৰ পূজা সমিতিয়ে দেৱী প্ৰতিমা বিসর্জন কৰে । ইয়াৰ লগতে মৰাণৰ খোৱাঙৰ বুঢ়ীদিহিং নদী, বাক্সাৰ মৰা পাগলদি নৈ আদিতো বৈদিক ধৰ্মৰ অনুসৰি, মা দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জন কৰা হয় ৷

লগতে পঢ়ক : দেৱী বিসৰ্জনৰ সময়ত ৰাজস্থানত অঘটন: তিনিটি শিশুকে ধৰি পানীত ডুবি নিহত 10 জন ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.