ETV Bharat / bharat

দেৱী বিসৰ্জনৰ সময়ত ৰাজস্থানত অঘটন: তিনিটি শিশুকে ধৰি পানীত ডুবি নিহত 10 জন ব্যক্তি

author img

By

Published : Oct 6, 2022, 7:44 AM IST

বিজয়া দশমীৰ দিনটো যেন ৰাজস্থানবাসীৰ বাবে হৈ পৰিল এটা ক’লা দিন ৷ বুধবাৰে দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ (Durga idol immersion in Rajasthan) সময়ত ৰাজস্থানত সংঘটিত তিনিটা পৃথক পৃথক দুৰ্ঘটনা ৷ য’ত অতি কমেও 10 জন লোকৰ পানীত ডুব গৈ অকাল মৃত্যুক আকোৱালি লৈছে বুলি জানিব পৰা গৈছে (10 die in separate incidents in Rajasthan)৷

Durga idol immersion in Rajasthan
দেৱী বিসৰ্জনৰ সময়ত ৰাজস্থানত অঘটন: তিনিটি শিশুকে ধৰি পানীত ডুবি নিহত 10 জন ব্যক্তি

নেশ্যনেল ডেস্ক, 6 অক্টোবৰ : বুধবাৰে বিজয়া দশমীৰ দিনটোতে ৰাজস্থানত সংঘটিত হয় তিনিটা পৃথক পৃথক দুৰ্ঘটনা ৷ দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত সংঘটিত এই দুৰ্ঘটনাত পানীত পৰি অতি কমেও 10 জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে (10 die in separate incidents in Rajasthan) ৷

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, এই শোকাৱহ ঘটনা সংঘটিত হয় আজমেৰৰ নন্দলা গাঁৱত ৷ নবহত আটাইকেইজনেই মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন কৰিবলৈ গৈছিল (Durga idol immersion in Rajasthan) । আজমেৰৰ আৰক্ষী অধীক্ষকগৰাকী উল্লেখ কৰা অনুসৰি, সেই অঞ্চলৰ স্থানীয় লোকসকলে প্ৰতি বছৰৰ দৰে এইবাৰো এটা খাৱৈত বিসৰ্জন কৰিছিল মূৰ্তি ৷

কিন্তু সেই খাৱৈৰ পানীৰ গভীৰতাক লৈ বিশেষ ধাৰণা নাছিল প্ৰতীমা বিসৰ্জন কৰিবলৈ অহা লোকসকলৰ । যাৰ ফলত দুৰ্ঘটনাত পতিত হয় কেবাজনো লোক ৷ অৱশ্যে প্ৰথম অৱস্থাত খাৱৈটোৰ পৰা পাঁচটা মৃতদেহ উদ্ধাৰ কৰা হয় ৷ পৰৱৰ্তী সময়ত আৰু এজন লোক খাৱৈটোত নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰি পুনৰ আৰক্ষী তথা প্ৰশাসনৰ ফালৰ পৰা আৰম্ভ কৰা হয় উদ্ধাৰ অভিযান ।

নিশাৰ ভাগলৈ নিৰুদ্দেশ হোৱা লোকজন অৰ্থাৎ ষষ্ঠটো মৃতদেহো উদ্ধাৰ কৰা হয় বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰে । এই প্ৰসংগত স্থানীয় আৰক্ষী থানাৰ মুৰব্বীগৰাকীয়ে (Station House Officer) কয়, ‘‘মাৰ ভক্তসকলে ইয়াক এটা অগভীৰ খাৱৈ বুলি ভাবি পানীলৈ নামি গৈছিল ৷ কিন্তু খাৱৈটো ইমানেই গভীৰ আছিল যে, তেওঁলোক খাৱৈটোত নামি যোৱাৰ পাচতে সকলো পানীলৈ ডুব গৈছিল’’ ।

লগতে পঢ়ক : মণ্ডপে মণ্ডপে নাচ গানৰে মহিষমৰ্দিনীক বিদায়

পৰৱৰ্তী সময়ত এই শোকাৱহ ঘটনাটোৰ সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ খবৰ লাভ কৰাৰ পাচতে দুৰ্ঘটনাস্থলীত আজমেৰৰ জিলা উপায়ুক্ত অংশ দীপ, আৰক্ষী অধীক্ষক চুনা ৰাম জাটকে ধৰি জিলা প্ৰশাসন আৰু আৰক্ষী দল ততাতৈয়াকৈ গৈ নাছিৰাবাদত উপস্থিত হয়গৈ । তাৰ পাচতেই আৰম্ভ কৰে তদন্ত ৷

ইতিমধ্যে আৰক্ষীয়ে নিহত পাঁচজন লোকৰ পৰিচয় উদ্ধাৰ কৰাৰ লগতে আটাইৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক অৰ্পণ কৰে আৰু তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে । ইফালে নিশালৈ উদ্ধাৰ হোৱা ষষ্ঠটো মৃতদেহ বৃহস্পতিবাৰে পৰিয়ালৰ হাতত চমজাই দিয়া হ’ব বুলি সদৰী কৰে স্থানীয় আৰক্ষী থানাৰ মুৰব্বীগৰাকীয়ে (Station House Officer)।

লগতে পঢ়ক : বিজয়া দশমীৰ দিনা বৰপেটাৰ বৰহিত জ্বলিল 72 ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি

এই মৰ্মান্তিক ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে । গেহলটে টুইটযোগে উল্লেখ কৰে, ‘‘শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো ৷ ভগৱানে তেওঁলোকক এই সময়ত শক্তি প্ৰদান কৰক আৰু বিদেহী সকলৰ আত্মাই সদগতি লাভ কৰক’’ ।

একেধৰণে আন এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় ৰাজ্যখনৰ চিতোৰগড়ৰ নিম্বাহেৰাত ৷ দেৱী মাৰ মূৰ্তি বিসৰ্জনৰ সময়ত পানীত ডুব গৈ মৃত্যু ঘটে তিনিটিকৈ শিশুৰ । তিনিওটি শিশুৰ মৃতদেহ পানীৰ পৰা উদ্ধাৰ কৰি নিম্বাহেৰাৰ জিলা চিকিৎসালয়লৈ অনা হয় । এই শোকাৱহ ঘটনাৰ পাচতে নিম্বাহেৰা সদৰ আৰু কোটোৱালি আৰক্ষীয়ে মূৰ্তি বিসৰ্জনস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

ইফালে ৰাজ্যখনৰ ঢোলপুৰৰ বাসেদী থানাৰ অন্তৰ্গত এটি অঞ্চলত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত সংঘটিত হৈছে তৃতীয়টো ঘটনা । দেৱী মাৰ প্ৰতিমা বিসৰ্জনৰ সময়তে পানীত ডুবি মৃত্যু হয় এজন 20 বছৰীয়া যুৱকৰ । ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় 2 ঘণ্টাৰ অন্তত সেই স্থানত এছডিআৰএফৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । নিহত যুৱকজনৰ নাম অংগদ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিত ডিব্ৰুগড়ত দেৱী দুৰ্গাক বিসৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.