ETV Bharat / bharat

জলপাইগুৰিত প্ৰতিমা বিসৰ্জনত অঘটন: মাল নদীত হঠাৎ অহা বানৰ কৱলত পৰি 8 জনৰ মৃত্যু

author img

By

Published : Oct 6, 2022, 8:41 AM IST

বুধবাৰে পশ্চিম বংগৰ জলপাইগুৰিত সংঘটিত হয় এক শোকাবহ ঘটনা ৷ মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন কৰিবলৈ আহি জলপাইগুৰিৰ মাল নদীত হঠাৎ অহা বানৰ কৱলত পৰি 8 জনৰ মৃত্যু (Jalpaiguri Mal River drowing accident) ৷

Jalpaiguri Mal River drowing accident
মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন : জলপাইগুৰিৰ মাল নদীত মৃত্যু 8 জনৰ

নেশ্যনেল ডেস্ক, 6 অক্টোবৰ : বিজয়া দশমীৰ দিনটোতে দেশত পুনৰ এবাৰ বাজিল মৃত্যু ঘণ্টা ৷ এই দিনটোত দেশৰ ভিন্ন প্ৰান্তত সংঘটিত হ’ল কেবাটাও অঘটন ৷ ৰাজস্থান, কেৰালা আদি ৰাজ্যৰ সমান্তৰালকৈ বিজয়া দশমীৰ দিনটোত মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত পশ্চিম বংগতো সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা (Durga idol immersion in West Bengal) ৷

তথ্য অনুসৰি, বুধবাৰে বিয়লিৰ পৰাই পশ্চিম বংগৰ জলপাইগুৰিৰ মাল নদীত (Maal river at Jalpaiguri in West Bengal) চলি আছিল দুৰ্গা মাৰ মূৰ্তি বিসৰ্জন প্ৰক্ৰিয়া ৷ তেনেতে মাল নদীৰে আকস্মিকভাৱে অহা বানৰ প্ৰৱল সোঁতে উটোৱাই নিলে মূৰ্তি বিসৰ্জন কৰিবলৈ অহা বহু সংখ্যক লোকক ৷ এই বানৰ কৱলত পৰি উটি যোৱা 8জন লোকক ইতিমধ্যে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ (8 die in Jalpaiguri incident) ৷ আনহাতে বৰ্তমানেও নিখোজ হৈ বহুকেইগৰাকী লোক ৷ এই ঘটনা সন্দৰ্ভত টুইটযোগে শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি বিধায়ক সুভেন্দু অধিকাৰীয়ে (PM Modi Tweets over idol immersion incident in Jalpaiguri)৷

প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে কয়, ‘‘দুৰ্গা উৎসৱৰ আনন্দোল্লাসৰ মাজতে পশ্চিম বংগৰ জলপাইগুৰিত সংঘটিত ঘটনাটো সঁচাই অতিকে দুৰ্ভাগ্যজনক ৷ নিহৰ আত্মীয় তথা পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো’’ ৷ ইফালে ৰাজ্যখনৰ বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীয়ে ঘটনা সন্দৰ্ভত টুইটযোগে (Suvendu Adhikari Tweets on Jalpaiguri incident) কয় যে, ‘‘দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন কৰাৰ সময়তে হঠাৎ পশ্চিম বংগৰ জলপাইগুৰিৰ মাল নদীত প্ৰৱল জলস্ৰোত বয় ৷ এই জলস্ৰোতে নিমিষতে বহু লোকক উটুৱাই লৈ যায় ৷ জানিব পৰা মতে, বৰ্তমান পৰ্যন্ত মাল নদীত প্ৰৱল জলস্ৰোতৰ কৱলত পৰি বহু লোকে অকাল মৃত্যুক আকোঁৱালি লৈছে (Island in Maal river) ৷ এই ঘটনাটো সঁচাই অতি দুখজনক ৷ মই জলপাইগুৰিৰ জিলা প্ৰাশাসন তথা ৰাজ্যৰ মুখ্য সচিবক অনুৰোধ কৰিছো যে, যিমান সোনকালে সম্ভৱ হয়, সিমান সোনকালে এই বিপদৰ পৰা সকলোকে উদ্ধাৰ কৰক’’ ৷

লগতে পঢ়ক : দেৱী বিসৰ্জনৰ সময়ত ৰাজস্থানত অঘটন: তিনিটি শিশুকে ধৰি পানীত ডুবি নিহত 10 জন ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.