ETV Bharat / state

চিচিবৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত এজন

author img

By

Published : Feb 27, 2021, 9:50 AM IST

Updated : Mar 2, 2021, 12:41 PM IST

চিচিবৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শিলভৰ্তি ট্ৰেক্টৰৰ তলত সোমাল চালক ৷ দুঘণ্টা শ্বাস ৰুদ্ধকৰ প্ৰচেষ্টাৰ অন্তত জীৱন্তে উদ্ধাৰ চালক ৷

চিচিবৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত এজন
চিচিবৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত এজন

ধেমাজি,27 ফেব্ৰুৱাৰীঃ ধেমাজিৰ চিচিবৰগাঁও চাৰিআলিৰ সমীপৰ গেলুৱাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । শিলভৰ্তি এখন ট্ৰেক্টৰ পথৰ পৰা দ খাৱৈত বাগৰি পৰি হেঁচা মাৰি ধৰে বাহনখনৰ চালকজনক ।

উল্লেখ্য যে, গেলুৱা গাঁৱৰে মইনা আলী নামৰ চালকজনৰ ওপৰত পৰি যায় ট্ৰেক্টৰখন । ঘটনাতো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে প্ৰায় দুঘণ্টা ধৰি কৰা আপ্ৰাণ শ্বাস ৰুদ্ধকৰ প্ৰচেষ্টাৰ অন্তত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় চালক আলীক । গুৰুত্বৰভাৱে আহত চালকজনক ততাতৈয়াকৈ 108 এম্বুলেঞ্চ সেৱাৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় লোকে ।

লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

Last Updated :Mar 2, 2021, 12:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.