ETV Bharat / state

আঘোণৰ আবতৰীয়া বানঃ উকা হ’ল চহাৰ সোণগুটি চপোৱা সপোন

author img

By

Published : Nov 20, 2019, 10:15 PM IST

আঘোণৰ আবতৰীয়া বানঃ উকা হ’ল চহাৰ সোণগুটি চপোৱা সপোন

ধেমাজিৰ জীয়াঢল আৰু বাটঘৰীয়া পঞ্চায়তৰ আমুলগুৰি,চেচাসহ,শিঙিমাৰী,ভজোগাঁৱৰ কেইবা হেক্টৰ কৃষিভূমি এতিয়া উদং হৈ পৰিছে ৷ বোকা পানীয়ে পুতি পেলাইছে ৰাইজে কষ্টেৰে ৰোপণ কৰা ধানখেতি ৷

ধেমাজি, 20 নৱেন্বৰঃ উকা হ’ল চহা কৃষকৰ সোণগুটি চপোৱা সপোন ৷ বালি,বোকা আৰু পানীৰ মাজত হেপাঁহৰ আঘোণ ৷ আঘোণক লৈ এতিয়া হুমুনিয়াহ কাঢ়িছে ধেমাজিৰ জীয়াঢল আৰু বাটঘৰীয়া পঞ্চায়তৰ কেইবাখনো গাঁৱৰ চহা কৃষকে ৷ বিশেষকৈ আমুলগুৰি, চেচাসহ, শিঙিমাৰী,ভজোগাঁৱৰ কেইবা হেক্টৰ কৃষিভূমি এতিয়া উদং হৈ পৰিছে ৷ বোকা পানীয়ে পুতি পেলাইছে ৰাইজে কষ্টেৰে ৰোপণ কৰা ধানখেতি ৷

ধেমাজিত আবতৰীয়া বান

উল্লেখ্য যে, জীয়াঢলৰ এটা সুঁতি এই অঞ্চলৰ ফালে অহা বাবেই আঘোণৰ আবতৰীয়া বানত সৰ্বস্বান্ত হ’বলগা হৈছে কেইবাশ কৃষক পৰিয়াল ৷ আনহাতে, চৰকাৰে ৰবি শষ্যৰ বীজ যোগান ধৰিছে যদিও ঘৰৰ চোতাল,বাৰী আদি পানীৰ তলত থকা বাবে সেই সুবিধাখিনিৰ পৰাও বঞ্চিত হৈছে ৰাইজ ৷ সেয়েহে অতি শীঘ্ৰে জীয়াঢলত বান্ধ নিৰ্মাণ কৰাৰ লগতে বন্যাৰ্তৰ প্ৰতি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান দুৰ্ভগীয়া লোকসকলে ৷ অন্যথা আবতৰীয়া বানত সৰ্বস্বান্ত ৰাইজে অনাহাৰে অনিদ্ৰাই কটাব লাগিব জীৱন ৷

Intro: উকা হল চহা কৃষকৰ সোণগুটি চপোৱা সপোন । ।বালি , বোকা আৰু পানীৰ মাজত
হেপাঁহৰ আঘোণ ।





Body:
ধেমাজি , ২০ নৱেম্বৰ : আঘোণে কঢ়িয়াই আনে চহা কৃষকৰ গ্ৰাম্য জীৱনৰ প্ৰাপ্তিৰ বতৰা । দাৱনীৰ কাছিৰ খচ্ খচ্ ছন্দত
প্ৰাণচঞ্চল হৈ পৰে আঘোণৰ পথাৰ । পিছে এই আঘোণ মাহক লৈ দুখৰ হুমুনিয়াহ পেলাইছে ধেমাজিৰ জীয়াঢল আৰু বাটঘৰীয়া পঞ্চায়তৰ বহুকেইখন গাঁৱৰ চহা ক‌ষকৰ পৰিয়াল । নাই হেপাঁহৰ আঘোণক লৈ উচাহ । বিশেষকৈ আমুলগুৰি , চেচাসহ , শিঙিমাৰী , ভজোগাও আদি পথাৰৰ বহু হেক্টৰ কৃষিভূমি এতিয়া উদং হৈ ৰল । সোণগুটিৰ পৰিৱৰ্তে এতিয়া কেৱল বালিময় আৰু বোকাময় । কোনো কোনো ঠাইত অলপ অচৰপ ধান খেতি হৈছিল যদিও শেহতীয়াকৈ অহা জীয়াঢলৰ বানে সেই সাচতীয়া সপোনো তচ নচ কৰি বিধৱস্ত কৰিলে । জীৱিত হৈ থকা ধানকেইডালো আঘোণ মাহৰ জীয়াঢলৰ বানৰ কবলত ।
বোকা আৰু পানীৰ মাজত কৃষকৰ হেপাঁহৰ আঘোণৰ সোণগুটি ।

সেয়ে উকা হৈ ৰোৱা পথাৰৰ বাবে কৃষক তথা মহিলা দাৱনীসকল আঘোণৰ পথাৰত ব্যস্ত থকাৰ পৰিৱৰ্তে এতিয়া ঘৰতেই আছে দুখেৰে ভৰাক্ৰান্ত এটা গধুৰ মন লৈ ।

byte... 1 2 3...affected area women

সেই দৰে এইপযন্ত ঘৰৰ চোতাল আৰু বাৰী পৰা পানী নুশুকুৱা বাবে ৰবি শস্য কৰাৰ পৰাৰো কৃষক পৰিয়াল বঞ্চিত হৈছে ।




Conclusion:স্থানীয় সৰ্বস্বান্ত ৰাইজৰ মতে কালান্তক জীয়াঢলৰ এটা সুতি এই অঞ্চলৰ ফালে অহা বাবেই আঘোণ মাহতো পানীৰ সৈতে সহাৱস্থান কৰি থাকিবলগীয়া হৈছে । সামান্য এজাক বৰষুণ দিলেই চোতাল তল যায় ।কিন্তু পৰিৱৰ্তন কথা কোৱা চৰকাৰ আৰু বিয়াগোম জলসম্পদ বিভাগটোৱে আজিকোপতি নিয়ন্ত্ৰণ কৰিব পৰা নাই জীয়াঢলক ।


byte.....1..2..3...affected area women



pradunya Bharali , Dhemaji , Assam, 20/11/2019


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.