ETV Bharat / jagte-raho

গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা কানিসহ গ্ৰেপ্তাৰ দুই মহিলা

author img

By

Published : Nov 20, 2019, 8:41 PM IST

অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা গুৱাহাটী মহানগৰীত অব্যাহত আছে অবৈধ নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ বিগত সময়চোৱা নিৰাপত্তা বাহিনীৰ লগতে ৰেল আৰক্ষীৰ সজাগতাৰ বাবে গুৱাহাটীৰ পৰা জব্দ হৈছে কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী ৷ শেহতীয়াকৈ বুধবাৰে পুনৰ গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা চৰকাৰী ৰেল আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰে দুগৰাকী মহিলা ৷

গুৱাহাটী ৰেলৱে ষ্টেচনত কানিসহ গ্ৰেপ্তাৰ দুই মহিলা

গুৱাহাটী, 20 নৱেম্বৰঃ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা মহানগৰীক চোৰাং সামগ্ৰী সৰবৰাহৰ বাবে ঘাটি হিচাপে বাচি লৈছে একাংশ দুষ্কৃতিকাৰীয়ে ৷ বিগত সময়চোৱাত গুৱাহাটী ৰেলৱে ষ্টেচনক চোৰাং সামগ্ৰী সৰবৰাহৰ হট স্পট হিচাপে বাচি লৈ চলাই আহিছে অবৈধ তথা চোৰাং সামগ্ৰীৰ সৰবৰাহ ৷ কিন্তু ৰেল আৰক্ষীৰ লগতে নিৰাপত্তা বাহিনীৰ তৎপৰতাত বহুটো সময়ত এনেকুৱা চক্ৰৰ ঘাটি উচ্ছেদ হৈ আহিছে ৷

বুধবাৰে পুনৰ গুৱাহাটী ৰেল ষ্টেচনৰ পৰা জব্দ হয় অবৈধ নিচাজাতীয় সামগ্ৰী ৷ ডিমাপুৰৰ পৰা দিল্লী অভিমুখী নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ এটা দবাৰ পৰা ৰেল আৰক্ষীয়ে নিচাজাতীয় কানিসহ গ্ৰেপ্তাৰ কৰে দুগৰাকী মহিলাক ৷ ৰেলগাড়ীখনৰ B1 দবাৰ 61 আৰু 62 নম্বৰ আসনৰ পৰা আৰক্ষীয়ে দুয়োগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা জব্দ কৰে কানিখিনি ৷

গুৱাহাটী ৰেলৱে ষ্টেচনত কানিসহ গ্ৰেপ্তাৰ দুই মহিলা

মহিলা দুগৰাকীৰ পৰা প্ৰায় 3 কিলোগ্ৰাম কানি জব্দ কৰাৰ লগতে ইয়াৰ বজাৰ মূল্য 7 লাখ টকা হ'ব বুলি প্ৰকাশ কৰিছে ৰেল আৰক্ষী বিষয়া ৰঞ্জিত দাসে ৷ ধৃত মহিলাদুগৰাকী মণিপুৰৰ ইম্ফলৰ কুসুম প্ৰধান আৰু গীত পাইডেল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে দুয়োগৰাকী মহিলাক আৰক্ষীয়ে সোধা-পোচা চলাই আছে ৷

লগতে পঢ়কঃ গুৱাহাটীত ডকাইতে কাঢ়ি নিলে ৯ লাখ টকা

Intro:গুৱাহাটী ৰেলৱে ষ্টেচনত কাণীসহ গ্ৰেপ্তাৰ দুই মহিলা


Body:

বুধবাৰে গুৱাহাটী ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত ডিমাপুৰৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ব্ৰহ্মপুত্ৰৰা মেল ৰেলৰ কোচ নমম্বৰ B-1 ৰ 61 আৰু 62 নমম্বৰ চিটৰ পৰা কুসুম প্ৰধান ( Kusum Pradhan 38 Manipur Imphal) আৰু গীত পাউডেল (Geeta Poudel 36 Manipur Imphal) গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ দুই মহিলা
সৰবৰাহকাৰীৰ পৰা ৰেল আৰক্ষীয়ে পৰা প্রায় 3 কিলগ্ৰাম কাণী ( OPM) জব্দ কৰে। জব্দ কৰা কাণীৰ মূল্য প্ৰায় 7 লাখ টকা। ৰেল আৰক্ষীয়ে জানিবলৈ দিয়া মতে উক্ত কাণী ডিমাপুৰৰ পৰা দিল্লীলৈ লৈ যোৱা হৈছিল।


বাইট- ৰেল আৰক্ষী বিষয়া, ৰঞ্জিত দাস



ইয়াৰ পূৰ্বেও গুৱাহাটী ৰেল আৰক্ষীয়ে বহু নিচা যুক্ত সামগ্ৰী জব্দ কৰিছে । ইয়াৰ দ্বাৰাই প্ৰমান হৈছে যে বৰ্তমানেও গুৱাহাটী ৰেল ষ্টেচনত এই সৰবৰাহ অব্যাহত আছে ।

Asrar Ansari
গুৱাহাটী


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.