ETV Bharat / state

Clash at Silapathar: ৰণস্থলীলৈ পৰিণত হ’ল ধেমাজি চিলাপথাৰ; প্ৰচণ্ড মাৰ-পিটত আহত কেবাজনো

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 10:26 AM IST

Clash between two groups at Silapathar Dhemaji
চিলাপথাৰত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

ধেমাজি জিলা চিলাপথাৰত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰ-পিট ৷ এই মাৰপিটৰ ফলত আহত হৈছে কেবাজনো লোক ৷ ইয়াৰে ভিতৰত এগৰাকী যুৱতী অতি সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে বুলি জানিব পৰা গৈছে ৷

ৰণস্থলীলৈ পৰিণত হ’ল ধেমাজি চিলাপথাৰ

জোনাই, ১২ ছেপ্টেম্বৰ : ৰণস্থলীলৈ পৰিণত হ’ল চিলাপথাৰ ৷ ধেমাজি জিলা চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাপথাৰ ১ নম্বৰ ভৈৰৱপুৰ গাঁৱত এটা কালভাৰ্ট নিৰ্মাণকলৈ গাঁওখনৰ দুই পক্ষৰ মাজত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ সোমবাৰে সংঘটিত হোৱা এই ঘটনাৰ সমগ্ৰ দৃশ্যাংশ বন্দী হৈছে ম’বাইল কেমেৰাত ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ আনকি এই মাৰপিটৰ ফলত আহত হৈছে কেবাজনো লোক ৷

ঘটনাৰ তথ্য অনুসৰি, গাঁওখনত এটা কালভাৰ্ট নিৰ্মাণৰ বিষয়লৈ গাঁওখনলৈ লোক নিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত হৈছিল ৷ তেনে মুহূৰ্ততে গাঁওখনৰ দুটা পক্ষৰ মাজত কোনো কাৰণবশতঃ বাক বিতণ্ডাৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত এই বাক বিতণ্ডাই চূড়ান্ত ৰূপ লয় ৷ তাৰ পাচতে ইজনে-সিজনক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে ৷

দুটা ফৈদৰ মাজত সংঘটিত হোৱা এই মাৰপিটৰ ফলত বহুকেইজন লোক আহত হয় ৷ ইয়াৰে ভিতৰত এগৰাকী যুৱতীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷ বৰ্তমান যুৱতীগৰাকী ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে ৷ এই কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে আহত যুৱতীগৰাকীৰ জ্যেষ্ঠ ভগ্নীয়ে ৷

আনহাতে, এই ঘটনা সন্দৰ্ভত ইতিমধ্যে চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰিছে আহত যুৱতীগৰাকীৰ পিতৃয়ে । এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷ ইফালে চিলাপথাৰ আৰক্ষীয়ে ইতিপূৰ্বে ঘটনা সন্দৰ্ভত থানাত গোচৰ ৰুজু কৰিছে যদিও বাতৰি যুগুত কৰা পৰলৈকে আৰক্ষীয়ে কোনো এটা পক্ষৰ এজন ব্যক্তিকো আটক কৰা নাই ৷

লগতে পঢ়ক : Wild elephant attacks safari vehicles: মহীশূৰত বন্যহস্তীৰ লক্ষ্য ছাফাৰী বাহন; ভয়ত বিতত পৰ্যটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.