Wild elephant attacks safari vehicles: মহীশূৰত বন্যহস্তীৰ লক্ষ্য ছাফাৰী বাহন; ভয়ত বিতত পৰ্যটক

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 9:08 AM IST

thumbnail

নেশ্যনেল ডেস্ক, 12 ছেপ্টেম্বৰ : মহীশূৰৰ নগৰহোলে বনাঞ্চলৰ এটা ভিডিঅ’ ৷ মহীশূৰৰ হুন্সুৰ তালুকৰ নগৰহোলে ৰাষ্ট্ৰীয় উদ্যানৰ কুট্টা পথত (Nagarhole National Park in Hunsur taluk) এটা বনৰীয়া হাতীয়ে এখন ছাফাৰী বাহনত আতক্ৰমণ চলায় ৷ লগতে বনৰীয়া হাতীটোৱে বন্যকৰ্মী দলৰ বাহনকো আক্ৰমণ চলোৱাৰ চেষ্টা কৰে ৷ এই সমগ্ৰ দৃশ্যাংশ এজন পৰ্যটকে আৱদ্ধ কৰিছে ম’বাইল কেমেৰাত । এই ভিডিঅ’ এতিয়া ভাইৰেল হৈছে সামাজিক মাধ্যমত ৷

এই ভিডিঅ’টোত প্ৰত্যক্ষ কৰা অনুসৰি, নগৰহোলে ৰাষ্ট্ৰীয় উদ্যানৰ কুট্টা পথেৰে আহি থকা এখন ছাফাৰী গাড়ীক প্ৰথমতে হাতীটোৱে আক্ৰমণৰ চেষ্টা কৰে ৷ তেতিয়া ছাফাৰী বাহনখন পিছুৱাই যোৱাত হাতীটোৱে সন্মুখত থকা আন এখন বাহনৰ দিশে খেদি আহে ৷ তেতিয়া বাহনখনত থকা পৰ্যটকৰ দলটোৱে ভয়ত বিতত হৈ চিঞয়-বাখক কৰিবলৈ আৰম্ভ কৰে ৷ অৱশ্যে কিছু সময়ৰ পাচতে হাতীটোৱে সেই স্থান এৰি জংঘলৰ দিশে গতি কৰে ৷

লগতে পঢ়ক : India-China border: ভাৰত-চীন সীমান্তত আইটিবিপিৰ ৩টা বেটেলিয়ন নিয়োগ কৰাত কেন্দ্ৰৰ অনুমোদন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.