ETV Bharat / bharat

India-China border: ভাৰত-চীন সীমান্তত আইটিবিপিৰ ৩টা বেটেলিয়ন নিয়োগ কৰাত কেন্দ্ৰৰ অনুমোদন

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 9:38 PM IST

অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ তিনিটা বেটেলিয়ন(ITBP) মোতায়েনত অনুমোদন কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ । অতি স্পৰ্শকাতৰ সীমান্ত অঞ্চলটোত অধিক সীমান্ত চকী স্থাপনৰ সিদ্ধান্তও লৈছে চৰকাৰে । অধিক সীমান্ত চকী স্থাপন আৰু নতুন বেটেলিয়ন নিয়োগ কৰিলে চীনৰ সেনাৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সহায়ক হ’ব । এই সন্দৰ্ভত ইটিভি ভাৰতৰ গৌতম দেবৰয়ৰ প্ৰতিবেদন ।

India-China border
ভাৰত-চীন সীমান্তত আইটিবিপিৰ ৩টা বেটেলিয়ন নিয়োগ কৰাত কেন্দ্ৰৰ অনুমোদন

নেশ্যনেল ডেস্ক, ১১ ছেপ্টেম্বৰ: অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ (ITBP) তিনিটা বেটেলিয়ন মোতায়েন কৰাত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে অনুমোদন জনাইছে । অতি স্পৰ্শকাতৰ সীমান্ত অঞ্চলটোত আইটিবিপিৰ অধিক সীমান্ত চকী (Border outpost) স্থাপনৰ সিদ্ধান্তও চৰকাৰে গ্ৰহণ কৰিছে ।

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, ফেব্ৰুৱাৰী মাহত আইটিবিপিক অতিৰিক্ত ৭টা বেটেলিয়ন গঠন কৰিবলৈ কেন্দ্ৰই অনুমতি প্ৰদান কৰিছিল । নতুনকৈ অনুমোদিত বেটেলিয়নৰ তিনিটা বেটেলিয়ন এতিয়া নিয়োগৰ বাবে সাজু বুলি সূত্ৰটোৱে প্ৰকাশ কৰে । আইটিবিপিৰ অধিক চকী স্থাপন আৰু নতুন বেটেলিয়ন নিয়োগ কৰিলে চীনৰ সেনাৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ ভাৰতীয় নিৰাপত্তা সংস্থাসমূহৰ বাবে সহায়ক হ’ব বুলি এজন জ্যেষ্ঠ বিষয়াই জনায় ।

ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) বি কে খান্নাই কয় যে অধিক বেটেলিয়ন নিয়োগ আৰু সীমান্ত চকী স্থাপন কৰিলে সীমান্তৱৰ্তী অঞ্চলসমূহৰ নিৰাপত্তা নিশ্চিতভাৱে বৃদ্ধি পাব । "ভাৰত-চীন সীমান্তৰ কেইবাটাও অঞ্চলত জনসংখ্যা নাই । অধিক বেটেলিয়ন নিয়োগ আৰু সীমান্ত চকী স্থাপন কৰিলে নিশ্চিতভাৱে সেই অঞ্চলসমূহলৈ বাসিন্দা আহিব ।" পূৰ্বে উত্তৰ-পূব ৰাজ্যত সেৱা আগবঢ়োৱা খান্নাই কয় । এইটো এটা সত্য যে মৌলিক সুবিধা আৰু আন্তঃগাঁথনিৰ অভাৱৰ বাবে সীমান্ত অঞ্চলৰ কাষত বাস কৰা লোকসকলে নিজৰ ঠাই এৰি অন্য চহৰীয়া স্থানলৈ যায় ।

ভাৰত আৰু চীনৰ মুঠ ৩,৪৮৮ কিলোমিটাৰ সীমাৰ ভিতৰত অৰুণাচল প্ৰদেশে চুবুৰীয়া দেশখনৰ সৈতে নিজৰ সীমাৰ ১,১২৬ কিলোমিটাৰ ভাগ বতৰা কৰে । অৰুণাচল প্ৰদেশৰ উপৰি জম্মু-কাশ্মীৰ (১,৫৯৭ কিলোমিটাৰ), হিমাচল প্ৰদেশ (২০০ কিলোমিটাৰ), উত্তৰাখণ্ড (৩৪৫ কিলোমিটাৰ) আৰু ছিকিমে (২২০ কিলোমিটাৰ) চীনৰ সৈতে নিজৰ সীমান্ত ভাগ বতৰা কৰে ।

চৰকাৰী তথ্য অনুসৰি ভাৰত-চীন সীমান্ত সম্পূৰ্ণৰূপে নিৰ্ধাৰিত হোৱা নাই আৰু প্ৰকৃত নিয়ন্ত্ৰণৰ ৰেখা স্পষ্ট আৰু নিশ্চিত কৰাৰ প্ৰক্ৰিয়া চলি আছে । এই অঞ্চলৰ অধিক উচ্চতাত অৱস্থিত হোৱাৰ লগতে ঘন বসতিপূৰ্ণ হোৱাৰ ফলত আন্তঃগাঁথনিৰ পৰ্যাপ্ত উন্নয়ন সম্ভৱপৰ হৈ উঠা নাই ৷

চীনৰ সৈতে ভাৰতৰ সীমান্তত পহৰা দিয়া আইটিবিপিয়ে এতিয়ালৈকে পূব খণ্ডত (চিকিম আৰু অৰুণাচল প্ৰদেশ) প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত ৬৭টা সীমান্ত চকী স্থাপন কৰিছে । একেদৰে পশ্চিম খণ্ড (জম্মু-কাশ্মীৰ)ৰ কাষত ৩৫টা সীমান্ত চকী আৰু মধ্যম খণ্ডত (হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড) ৭১টা সীমান্ত চকী স্থাপন কৰা হৈছে ।

সীমান্তৱৰ্তী অঞ্চলসমূহৰ আন্তঃগাঁথনি আৰু যোগাযোগ উন্নয়নৰ বাবে সীমান্ত পথ সংস্থাই শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (LoC) ওচৰত ৬৭৮ কোটি টকা ব্যয় সাপেক্ষে আঠটা পথ নিৰ্মাণ কৰিছে । মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও মুঠ ৯০টা প্ৰকল্প উদ্বোধন কৰিব বুলি সীমান্ত পথ সংস্থাই জানিবলৈ দিয়ে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ বালিপাৰা-চৰ্দুৱাৰ-টাৱাং (বিচিটি) পথত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ নেচিফু সুৰংগটো উদ্বোধন কৰিব, যাৰ ফলত সীমান্তৱৰ্তী অঞ্চলসমূহৰ কাষে কাষে সৈন্যৰ লগতে নাগৰিকসকলৰো যাতায়তৰ ক্ষেত্ৰত সুবিধা হ’ব । ইয়াৰ পূৰ্বে, এই সুৰংগটোৰে প্ৰচণ্ড কুঁৱলীৰ সময়ত সাধাৰণ যাতায়ত আৰু সামৰিক কনভয়ৰ যাতায়তত বাধাৰ সৃষ্টি হৈছিল ।

লগতে পঢ়ক: ITBP in AP: অৰুণাচল প্ৰদেশৰ জিৰো’ত ITBP ৰ নতুন সীমান্ত চকী ,6 টা নতুন বাহিনী প্ৰস্তুত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.