ETV Bharat / state

Food Poisoning in Jonai: জোনাইত খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন এটি শিশু

author img

By

Published : Jul 20, 2023, 10:54 AM IST

Updated : Jul 20, 2023, 11:06 AM IST

ফুটপাথত বিক্ৰী কৰা চিঙৰা খাই বিষক্ৰিয়াত আক্ৰান্ত এটি শিশু ৷ অসুস্থ হৈ পৰা শিশুটিক জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

Child Hospitalised due to food poisoning in Jonai
খাদ্যত বিষক্ৰিয়া

খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন এটি শিশু

জোনাই, 20 জুলাই : বিভিন্ন হোটেল অথবা ফুটপাথত বিক্ৰী কৰা চিঙৰা খাওঁতে সাৱধান ৷ ফুটপাথত বিক্ৰী কৰা চিঙৰা খাই বিষক্ৰিয়াত আক্ৰান্ত এটি শিশু ৷ এই অঘটন সংঘটিত হৈছে জোনাইত ৷ কেইবাদিনৰ পূৰ্বে অস্বাস্থ্যকৰভাৱে প্ৰস্তুত কৰা চিঙৰা খাইয়ে সংঘটিত হ’ল এই ঘটনা ৷

জোনাই বজাৰত চৰম অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা, পোক আৰু ভেঁকুৰ উৎপন্ন হোৱা চিঙৰা খায় অসুস্থ হৈ পৰে এটি আঠ বছৰীয়া শিশু ৷ জানিব পৰামতে বুধবাৰে সন্ধিয়া প্ৰায় 7 বজাত জোনাইৰ লুহিজান গাঁৱৰ ৰমাকান্ত মিলি নামৰ ব্যক্তিজনে ঘৰলৈ বুলি জোনাই বজাৰৰ মহাদেৱ চাহানে নামৰ ব্যক্তিজনৰ ফুটপাথৰ হোটেলৰ পৰা পাঁচটা চিঙৰা কিনি লৈ যায় ৷

বজাৰৰ পৰা কিনি অনা চিঙৰা ৰমাকান্ত মিলিৰ আঠ বছৰীয়া শিশুটিয়ে খোৱাৰ কিছু সময়ৰ পিছতে পেট বিষ হৈ অসুস্থ হৈ পৰে ৷ ইয়াৰে এটা চিঙৰা থাকি যোৱাত শিশুটিৰ মাতৃয়ে খাবলৈ লওঁতে চিঙৰাৰ ভিতৰত পোক থকা প্ৰত্যক্ষ কৰাত ঘৰখনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু লগে লগে বিষক্ৰিয়াত আক্ৰান্ত হৈ অসুস্থ হৈ পৰা শিশুটিক জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

লগতে পঢ়ক : Benefit of Curry Leaves: বিভিন্ন গুণাগুণেৰে সমৃদ্ধ নৰসিংহ পাত, স্বাস্থ্য উপকাৰিতাৰ জানি হৈ পৰিব স্তম্ভিত

ইফালে ঘটনা সন্দৰ্ভত হোটেলৰ স্বত্বাধিকাৰী মহাদেৱ চাহানীক ৰাইজে সোধ-পোচ কৰাত দুই-তিনি দিন পূৰ্বে চিঙৰা সমূহ প্ৰস্তুত কৰা বুলি স্বীকাৰ কৰে ৷ উল্লেখযোগ্য যে, জোনাইত বিগত কিছু দিনৰে পৰা বিভিন্ন ঠাইত খাদ্যত বিষক্ৰিয়া হৈ বহু লোক অসুস্থ হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ গতিকে অতি শীঘ্ৰেই জোনাই মহকুমা প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষই অস্বাস্থ্যকৰ পৰিৱেশ অথবা পৰীক্ষা নকৰাকৈ বজাৰত মুকলিকৈ বিক্ৰী কৰা খাদ্য সামগ্ৰীৰবোৰৰ ওপৰত উচিত তদন্ত কৰি এনেধৰণৰ অসাধু ব্যৱসায়ীৰ ওপৰত উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী তুলিছে জোনাইবাসী ৰাইজে ৷

লগতে পঢ়ক : Borgeet Training in Dhemaji: খোলৰ চাপত ৰজনজনাইছে ধেমাজি

Last Updated :Jul 20, 2023, 11:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.