ETV Bharat / state

DAC Election at Jonai: নিৰ্বাচনী প্ৰচাৰ অভিযানত শাসকীয় দলক প্ৰত্যাহ্বান নিৰ্দলীয় প্ৰাৰ্থীৰ

author img

By

Published : Oct 30, 2022, 7:17 PM IST

৮ নবেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন । নিৰ্বাচনক লৈ শাসক বিৰোধী প্ৰতিটো দলৰ মাজত দেখা গৈছে বিশাল প্ৰস্তুতি ৷ নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰীয়েও 29 অক্টোবৰ শনিবাৰৰ দিনা শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হ'ল(Deuri Autonomous Council elections2022) ।

Campaigning for DAC election 2022 started at Sissiborgaon constituency
DAC Election 2022: নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰীৰ প্ৰচাৰ অভিযান তুংগত

জোনাই, ৩০ অক্টোবৰ: সমাগত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন(Deuri Autonomous Council elections) ৷ শাসকীয় পক্ষক নিৰ্দলীয় প্ৰাৰ্থীয়ে জনাইছে বৃহৎ প্ৰত্যাহ্বান ৷ দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যতে । অহা ৮ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচক লৈ বিজেপি দলে ব্যাপক প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে । ৰাজ্যিক বিজেপি দলৰ বিষয়ববীয়া, সাংসদ, বিধায়ক সকলোৱে মিলি দেউৰী স্বায়ত্ব শাসিত পৰিষদ নিজৰ দখললৈ নিয়াৰ বাবে মাৰাথন অভিযানত নামিছে ।

২২ টা পৰিষদৰ দ্বাৰা গঠিত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ সকলো আসন নিজৰ দখললৈ লৈ যোৱাৰ বাবে প্ৰচাৰ অভিযান তুংগত কৰিছে শাসকীয় বিজেপি দলে (Deuri Autonomous Council)৷ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত জোনাই, চিচিবৰগাঁও আৰু শ্ৰীপাণি এই তিনিটা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীয়ে শাসকীয় বিজেপি প্ৰাৰ্থীক জনাইছে বৃহৎ প্ৰত্যাহ্বান । কালি অৰ্থাৎ 29 অক্টোবৰ শনিবাৰৰ দিনা ১০ নং চিচিবৰগাঁও সমষ্টিৰ বৰ মুৰীয়াত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰীয়ে এক প্ৰকাৰ শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হ'ল(Deuri Autonomous Council elections2022) ।

বিপুল পৰিমাণৰ সমৰ্থকৰ সৈতে শনিবাৰৰ দিনটোত বৰ মুৰীয়াত বিশাল নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হ'ল নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰীয়ে ৷ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সভাত জননেতা ভীমবৰ দেউৰীৰ প্ৰতি সভাৰ আৰম্ভণিতে শ্ৰদ্ধাজ্ঞলি জনোৱা হয় ৷ লগতে পৰিৱেশন কৰা হয় জনগোষ্ঠী, গীত-মাত ৷

DAC Election 2022: নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰীৰ প্ৰচাৰ অভিযান তুংগত

এটা সময়ত গ্ৰাম্য সাংবাদিকতা কৰা দেৱ দেউৰীৰ দেউৰী সম্প্ৰদায়ৰ মাজত আছে এক সুকীয়া স্থান তথা পৰিচিতি । কম অৰ্থৰে সৈতে সংসদীয় ৰাজনীতিৰ পথাৰত নমা দেৱকান্ত দেউৰীৰ আকৰ্ষণীয় নিৰ্বাচনী প্ৰচাৰক লৈ সদ্যহতে বিমোৰত পৰা পৰিলক্ষিত হৈছে বিজেপি প্ৰাৰ্থী । সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুক সমালোচনা কৰি ভোটাৰক আকৃষ্ট কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰী তথা দেউৰীৰ সমৰ্থকসকলে(DAC Election) ।

লগতে পঢ়ক: Tribute programme at Ganeshguri: ১৪ বছৰে বঞ্চিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ভুক্তভোগীৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.