ETV Bharat / state

চৰকাৰলৈ আৰু কিমান দিন বাট চাব ডেবিং নদীৰ পাৰৰ ৰাইজে ?

author img

By

Published : May 20, 2020, 4:36 PM IST

ETV BHARAT
চৰকাৰলৈ আৰু কিমান দিন বাট চাব !

জোনাইত হাতে হাতে দা, কোৰ, বাঁহ লৈ গৰা খহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহিল ৰাইজ ৷ দীৰ্ঘ দিন ধৰি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাৰ কৰি দিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইয়ো কোনো সুফল নাপালে ৰাইজে ৷

জোনাই,20 মেঃ জোনাইৰ ৰাজাখানাত ডেবিং নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহিল অঞ্চলটোৰ ৰাইজ ৷ বছৰ-বছৰ ধৰি ডেবিং নদীৰ খহনীয়াত ধ্বংস হৈছে বহু লোকৰ মাটি-ভেটিৰ লগতে সা-সম্পত্তি ৷

চৰকাৰলৈ আৰু কিমান দিন বাট চাব !

সমগ্ৰ বিশ্বতে ক'ৰণা ভাইৰাছৰ আতংকত ৰাইজে ঘৰৰ ভিতৰত সোমাই থকাৰ সময়তে ধেমাজি জিলাৰ জোনাইত হাতে হাতে দা, কোৰ, বাঁহ লৈ বান- খহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহিল অঞ্চলটোৰ ৰাইজ ৷ জোনাই সমষ্টিৰ ৰাজাখানা অঞ্চলত অৰুণাচলৰ পৰা বৈ অহা ডেবিং নদীৰ বান খহনীয়াই অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত বছৰ বছৰ ধৰি চলাই আহিছে সন্ত্ৰাস ৷ অসম চৰকাৰৰ জলসম্পদ বিভাগ আৰু স্থানীয় জন-প্ৰতিনিধি সকলে দীৰ্ঘদিন ধৰি অৱহেলা কৰি অহা বুলি ৰাইজে অৱগত কৰিছে ৷ কিন্তু অসম চৰকাৰ কিম্বা স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ ডেবিং নদীৰ বান খহনীয়াৰ প্ৰতিৰোধৰ বাবে ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাই অহাৰ পিচতো কোনো গুৰুত্ব নিদিয়া বুলি গুৰুতৰ অভিযোগ তুলিছে ৰাইজে ৷ ইতিমধ্যে এই নদীৰ গৰাখহনীয়াত বহু লোকৰ ঘৰ দুৱাৰৰ লগতে সা-সম্পত্তি ধ্বংস হৈছে ৷ যাৰ ফলত অঞ্চলটোৰ ৰাইজে উপায়ন্তৰ হৈ ঘৰে ঘৰে দান বৰঙণি সংগ্ৰহ কৰি হাতে হাতে দা, কোঁৰ, বাঁহ আদি লৈ এক সপ্তাহ ধৰি ৰাইজে শ্ৰমদানেৰে এনেদৰে বাঁহেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে ৷ অতি শীঘ্ৰে উক্ত নদীৰ গৰা খহনীৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীৰ ৰাইজে ৷

লগতে পঢ়ক- কৰিমগঞ্জৰ সুতাৰকান্দি বন্দৰত উত্তেজনা



ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.