ETV Bharat / state

Man missing in West Bengal: ৰহস্যজনক অৱস্থাত সন্ধানহীন কন্যাকুমাৰীলৈ কৰ্মসংস্থাপনৰ বাবে যোৱা অসমৰ যুৱক

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 8:24 AM IST

Updated : Oct 12, 2023, 10:02 AM IST

Assamese youth missing on the way to Kanyakumari
আদবাটতে সন্ধানহীন কন্যাকুমাৰীলৈ কৰ্মসংস্থাপনলৈ যোৱা অসমীয়া যুৱক

কন্যাকুমাৰীলৈ কৰ্মসংস্থাপন বিচাৰি যোৱা ধেমাজিৰ এজন যুৱক সন্ধানহীন ৷ পশ্চিমবংগৰ ডাউন টাউন ৰে’লৱে ষ্টেচনত তেওঁক চাৰিজন লোকে খেদা বুলি শেষবাৰৰ বাবে পত্নীক অৱগত কৰিছিল লোকজনে ৷

আদবাটতে সন্ধানহীন কন্যাকুমাৰীলৈ কৰ্মসংস্থাপনলৈ যোৱা অসমীয়া যুৱক

ধেমাজি, 12 অক্টোবৰ: পুনৰ বহিঃৰাজ্যলৈ গৈ সন্ধানহীন অসমৰ যুৱক ৷ নিখোঁজ লোকজন মানৱ সৰবৰাহকাৰী চক্ৰৰ হাতত পৰাৰ সন্দেহ পৰিয়ালৰ ৷

ঘটনা অনুসৰি, ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ ৩ নং বেতনিপাম গাঁৱৰ ৰমেশ দিহিঙীয়া (40) বছৰীয়া লোকজনে যোৱা 30 ছেপ্টেম্বৰত কৰ্মসংস্থাপন বিচাৰি ডিব্ৰুগড়ৰ পৰা বিৱেক এক্সপ্ৰেছেৰে কন্যাকুমাৰীলৈ বুলি ওলাই যায় ৷ কিন্তু হঠাতে 2 অক্টোবৰৰ দিনা ৰমেশে ফোনযোগে পৰিয়ালক জনায় যে তেওঁ পশ্চিমবংগৰ ডাউন টাউন ৰে’লৱে ষ্টেচনত নামি দিয়ে । তেওঁক চাৰিজন লোকে খেদি গৈছে আৰু তেওঁ হাবিৰ ফালে দৌৰিছে । তাৰ পিচৰে পৰা কোনো সন্ধান পোৱা নাই লোকজনৰ ।

আনহাতে সেই দিনাই অন্য এটা ফোনৰ পৰা নিজকে অ'ট চালক বুলি পৰিচয় দিয়া এজন লোকে ৰমেশক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা বুলি জনায় যদিও তাৰ পিচৰ পৰা সেইটো ফোনো বন্ধ হৈ পৰে । ইয়াৰ পিচতে পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইতিমধ্য়ে এই সন্দৰ্ভত ৰমেশৰ পত্নীয়ে চিলাপথাৰৰ ৰে’লৱে আৰক্ষী আৰু চিলাপথাৰ আৰক্ষী থানাত জনায় যদিও আজিলৈকে আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই নিৰুদ্দিষ্ট ৰমেশৰ ।

সকলোফালে চেষ্টা কৰি বিফল হৈ ভাগি পৰিছে ৰমেশৰ তিনি সন্তানসহ পত্নী । ৰমেশ কোনো মানৱ সৰবৰাহকাৰী অথবা মানৱ অংগ সৰবৰাহকাৰীৰ হাতত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালটোৱে । নিৰুদ্দিষ্ট ৰমেশক বিচাৰি উলিয়াবলৈ বুধবাৰে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে ৰমেশৰ পত্নীয়ে ।

উল্লেখ্য যে, পৰিয়ালটোত চলি থকা আৰ্থিক অনাতনৰ বাবে ৰমেশে বহিঃৰাজ্যলৈ যাবলৈ সিদ্ধান্ত লৈছিল ৷ পৰিয়ালটোত সকাহ দিবলৈ গৈ এনেদৰে হঠাতে সন্ধানহীন হৈ পৰা স্বামীক বিচাৰি পত্নীয়ে এতিয়া দিক-বিদিক হেৰুৱাইছে ৷

লক্ষণীয় যে, বৰ্তমান অসমৰ পৰা বহিঃৰাজ্যলৈ যোৱা যুৱকৰ আকস্মিক মৃত্যু তথা নিখোঁজ হোৱা ঘটনা সঘনাই সংঘটিত হ’বলৈ ধৰিছে ৷

লগতে পঢ়ক: Firing Incident in Jorhat update: যোৰহাটৰ গুলীচালনাৰ ঘটনাত জড়িত এজনক আটক

Last Updated :Oct 12, 2023, 10:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.