ETV Bharat / state

Firing Incident in Jorhat update: যোৰহাটৰ গুলীচালনাৰ ঘটনাত জড়িত এজনক আটক

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 7:53 PM IST

যোৰহাট গুলীচালনাৰ ঘটনাত জড়িত এজনক আটক
যোৰহাট গুলীচালনাৰ ঘটনাত জড়িত এজনক আটক

যোৰহাটৰ লিচুবাৰীত দিন দুপৰতে কৰা গুলীচালনাৰ ঘটনাৰ লগত জড়িত এজনক আটক কৰিবলৈ সক্ষম হয় যোৰহাট আৰক্ষী ৷

যোৰহাট গুলীচালনাৰ ঘটনাত জড়িত এজনক আটক

যোৰহাট, 11 অক্টোবৰ : মুখ্যমন্ত্ৰীৰ যোৰহাট আগমণৰ পূৰ্বে নগৰখনৰ নিকটৱৰ্তী তথা লিচুবাৰীৰ আৰক্ষী চকীৰ সমীপৰ লিচুবাৰী বাঘচোঙত বুধবাৰে দিনৰ ভাগত এক গুলীচালনাৰ ঘটনা হয় । এই গুলীচালনাৰ ঘটনাই যোৰহাট আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাত থাকি যোৱা সুৰঙাসমূহ উদঙাই দিয়াৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে।

ঘটনা বিৱৰণী মতে, যোৰহাটৰ লিচুবাৰীৰ আৰক্ষী চকীৰ নাতিদুৰৈত দুজনীয়া দৃবৃৰ্ত্তৰ এটা দলে AS-03AH 9322 নম্বৰ বাহনেৰে গৈ থকা বসন্ত দাস নামৰ এজন যুৱকক ছুইফ্ট বাহনেৰে আহি থকা দুটা দুৰ্বৃত্তই গুলীচালনা কৰে। দুৰ্বৃত্তৰ গুলীয়ে যুৱকজনৰ মুখৰ তল অংশত আঘাত কৰে ৷ তাৰ পিচতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বসন্ত দাসক লিচুবাৰী আৰক্ষীৰ সহায়ত ততাতৈয়কৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জৰুৰীকালীন কক্ষত চিকিৎসা কৰোৱা হয় যদিও মুখৰ তলৰ অংশত গুলীটো সোমাই থকাৰ বাবে লোকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

আনহাতে গুলীচালনা কাৰণ বৰ্তমান আংশিকভাৱে পোহৰলৈ আহিছে, গুলীচালনাৰ ঘটনাত আঘাতপ্ৰাপ্ত বসন্ত দাস পূৰ্বতে ড্ৰাগছৰ লগত জড়িত আছিল ৷ পূৰ্বতে কেইবাবাৰো আৰক্ষীয়ে আটক কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰিছিল বুলি বসন্তৰ এগৰাকী বান্ধৱীয়ে মন্তব্য প্ৰদান কৰে। এই সমূহ কাৰকক নিৰীক্ষণ কৰিয়েই এয়া ড্ৰাগছ সৰবৰাহকাৰীৰ চক্ৰ তথা বসন্তৰ কোনো পৰিচিত লোকে গুলীচালনা কৰাৰ সন্দেহ কৰা হৈছে ৷

সম্প্ৰতি এই গুলীচালনাত জড়িত এজন লোকক যোৰহাট আৰক্ষীয়ে আটক কৰিছে । লক্ষণীয় যে, অহা 12 নম্বেৰত যোৰহাটৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ এদিনীয়া ভ্ৰমণসূচীৰে যোৰহাটলৈ আহিব মুখ্যমন্ত্ৰীগৰাকী ৷

ইয়াৰ মাজতে জিলাখনত দিন-দুপৰতে সংঘটিত হোৱা গুলীচালনাৰ ঘটনাই সকলোকে চিন্তিত কৰি তোলাৰ লগতে যোৰহাট আৰক্ষীৰ মাজত এক প্ৰকাৰ হাহাকাৰ সৃষ্টি কৰে। দিনক দিনে যোৰহাট জিলাত আইন শৃংখলা পৰিস্থিতি অৱনমিত ঘটা অভিযোগ উত্থাপন সৰ্বজনবিদিত ৷

লগতে পঢ়ক: Firing Incident: যোৰহাটত দিন দুপৰতে গুলীচালনা, সংকটজনক অৱস্থা গুলীবিদ্ধ যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.