ETV Bharat / state

Jal Jeevan Mission : জোনাইৰ লাইমেকুৰীত JJM আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ

author img

By

Published : Oct 13, 2022, 4:12 PM IST

JJM
JJM

জোনাইৰ লাইমেকুৰীৰ মিৰি টাকত ৯৫ লাখটকীয়া জল জীৱন মিছন আঁচনিৰ (Jal Jeevan Mission) কামত ব্যাপক অনিয়মৰ অভিযোগ । আঁচনিৰ উদ্বোধনৰ পিছতে পাইপ ফাটি ওলাইছে পানী ।

জোনাই, ১৩ অক্টোবৰ : প্ৰতিটো ঘৰত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী প্ৰকল্প হৈছে জল জীৱন মিছন (Central Government project Jal Jeevan Mission) । উক্ত আঁচনি দেশৰ প্ৰতিখন ৰাজ্যতে ৰূপায়ণ হৈ আছে । অসমতো ইতিমধ্যে জল জীৱন মিছনৰ অধীনত প্ৰতিটো পৰিয়ালকে নলেৰে বিশুদ্ধ খোৱাপানী যোগানৰ কাম তীব্ৰ গতিত চলি আছে (Jal Jeevan Mission project on Assam) ।

Jal Jeevan Mission : জোনাইৰ লাইমেকুৰীত JJM আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ

ইতিমধ্যে অসম চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে প্ৰচাৰ তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে জল জীৱন মিছনৰ শীৰ্ষ গীতো মুকলি কৰিছে । কিন্তু তাৰ মাজতে বহু ঠাইত জল জীৱন মিছন ৰূপায়ণত পোহৰলৈ আহিছে বিভিন্ন অনিয়ম তথা প্ৰহসনৰ ঘটনা । শেহতীয়াভাৱে জোনাইৰ জল জীৱন মিছন আঁচনিৰ কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে (Scam on JJM in Jonai) ।

জোনাইত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা ৯৫ লাখ টকীয়া জল জীৱন মিছন আঁচনিৰ নামত প্ৰহসন ! ৰাইজক পানী যোগান ধৰাৰ কিছুদিন পিছতে পাইপ ফাটি পানী ওলাল লাখটকীয়া আঁচনিত । এই দৃশ্য জোনাইৰ লাইমেকুৰীৰ মিৰি টাকত নিৰ্মাণ কৰা পানী যোগান আঁচনিৰ । আঁচনি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি পানী যোগান ধৰাৰ কিছুদিন পিছতে নলা ফাটি তাৰ পৰা ওলাল পানী ।

অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ তথা আঁচনিৰ প্ৰাক্কলনৰ নীতি বৰ্হিভূতভাৱে এই প্ৰকল্প ৰূপায়ণৰ অভিযোগ উঠিছে । ঠিকাদাৰ আৰু জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (Public Health and Engineering Department Assam) বিষয়া-অভিযন্তাৰ বৃহৎ অংকৰ ধনৰ কমিছনত দুৰ্নীতিৰ আশ্ৰয় লৈ আঁচনিখন ৰূপায়ণ কৰাত পানী যোগান ধৰাৰ কিছুদিন পিছতে এনেকৈ পাইপ ফাটি পানী ওলোৱা পৰিলক্ষিত হৈছে ।

কিন্তু এই ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাই কোনো কাণসাৰ । কিন্তু এনদৰে দুৰ্নীতিৰ আশ্ৰয় লৈ জল জীৱন মিছনৰ প্ৰকল্প নিৰ্মাণ কৰা ঠিকাদাৰ তথা বিষয়া-অভিযন্তাৰ ওপৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Erosion at Dibrugarh: ডিব্ৰুগড়ত সুৰক্ষা বান্ধত আশ্ৰয় অৰ্ধশতাধিক পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.