ETV Bharat / state

Erosion at Dibrugarh: ডিব্ৰুগড়ত সুৰক্ষা বান্ধত আশ্ৰয় অৰ্ধশতাধিক পৰিয়ালৰ

খহনীয়াৰ তাণ্ডৱত দিশহাৰা নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জলাকলা খুৱাই আহিছে অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam) ৷ ডিব্ৰুগড় চহৰৰ উপকন্ঠ নগাঘূলী (Massive erosion at Dibrugarh) কছাৰী লাইনত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াক লৈ আতংক ৰাইজৰ ৷ ইতিমধ্যে চলিত বৰ্ষত হাজাৰ হেক্টৰ কৃষিভূমিৰ লগতে ঘৰ-বাৰী নদীৰ বুকুত বিলীন হৈছে ৷

Erosion at Dibrugarh
ডিব্ৰুগড়ত সুৰক্ষা বান্ধত আশ্ৰয় অৰ্ধশতাধিক পৰিয়ালৰ

Published : October 13, 2022 at 2:24 PM IST

|

Updated : October 14, 2022 at 7:21 AM IST

Choose ETV Bharat

মৰাণ, ১৩ অক্টোবৰ: ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ কালৰূপ, মাইজানত ব্ৰহ্মপুত্ৰই খহালে ডিব্ৰুগড় চহৰৰ ৰক্ষা কৱচ মথাউৰি (Brahmaputra embankment erosion in Dibrugarh)। সম্পূৰ্ণৰূপে খহি গ'ল মথাউৰিৰ এটা অংশ । প্ৰতিটো বৰ্ষতে ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ পৰা মাইজান অঞ্চললৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া হৈ আহিছে যদিও চলিত বৰ্ষত ভয়াৱহ পৰিস্থিতি সৃষ্টি হৈছে (Erosion in Dibrugarh)।

ডিব্ৰুগড় চহৰৰ উপকন্ঠ নগাঘূলী (Massive erosion at Dibrugarh) কছাৰী লাইনত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াক লৈ আতংক ৰাইজৰ । সুৰক্ষা বান্ধত শিৱিৰ (Camp at safety dam in Dibrugarh)পাতি আশ্ৰয় গ্ৰহণ কৰিব লগীয়া হৈছে অৰ্ধশতাধিক পৰিয়ালে । চপৰা-চপৰকৈ খহাই নিছে মাইজানত কাছাৰীলাইনৰ মাটিৰ ভেঁটি ।

ইফালে, বৃদ্ধি পাইয়েই আছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ । এক অৱৰ্ণনীয় পৰিৱেশ কাছাৰী লাইনত । ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰা বাবে বিধায়ক বিনোদ হাজৰিকাৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে । আজি কেইবাদিনো মাইজানত নগাঘূলী কছাৰীলাইনত আতংকময় পৰিবেশ সৃষ্টি হৈছে যদিও এই পৰ্যন্ত খহনীয়াৰ পৰিস্থিতি বুজ নোলোৱাৰ অভিযোগ লাহোৱালৰ বিধাযক বিনোদ হাজৰিকাৰ বিৰুদ্ধে ।

ডিব্ৰুগড়ত সুৰক্ষা বান্ধত আশ্ৰয় অৰ্ধশতাধিক পৰিয়ালৰ

ইপিনে,আশ্ৰয় শিবিৰত ডিব্ৰুগড় জিলা প্ৰশাসনে খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও ঘৰৰ ভেঁটি হেৰুৱাই জীৱনৰ অনিশ্চয়তাত ভুগিছে অঞ্চলটোৰ ৰাইজে । ৰাইজৰ এটাই দাবী খহনীয়া সমস্যা স্থায়ী সমাধান কৰক চৰকাৰে । উল্লেখ্য় যে নেৰানেপেৰা বৰষুণৰ পাছতে মাইজানত ব্ৰহ্মপুত্ৰই খহালে ডিব্ৰুগড়ৰ ৰক্ষা কৱচ নগৰ সুৰক্ষা বান্ধ (Urban safty Dam in Dibrugarh)। মাইজানত সম্পূৰ্ণ খহি গ'ল বান্ধটোৰ এটা বৃহৎ অংশ । প্ৰতিটো বৰ্ষতে ডিব্ৰুগড় ৰহমৰীয়া পৰা মাইজান অঞ্চললৈ মহাবাহু ব্ৰহ্মপুত্ৰ খহনীয়া হৈ আহিছে যদিও চলিত বৰ্ষৰ ভয়াবহ পৰিস্থিতি সৃষ্টি হৈছে । আহিনৰ আৱতৰীয়া বানে ব্ৰহ্মপুত্ৰত সৃষ্টি কৰা এই খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ডিব্ৰুগড় বিমান কোঠ (erosion threat to the Dibrugarh airport), অসম চিকিৎসা মহাবিদ্যালয়ৰ লগতে হাজাৰ হাজাৰ হেক্টৰ চাহ বাগিচা তথা কেইবাটাও বৃহৎ চাহ উদ্যোগলৈ ।

জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগে ডিব্ৰুগড়ৰ ৰক্ষা কৱচ নগৰ সুৰক্ষা বান্ধ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ দিনে ৰাতিয়ে চেষ্টা কৰিছে যদিও কিমান সফল হ'ব সেইয়া লক্ষ্যণীয় হ'ব । চৰকাৰে সময়ত গৰাখহনীয়া প্ৰতিৰোধত গুৰুত্ব প্ৰদান নকৰাৰ ফলত এতিয়া জীয়াতু ভুগিব লগীয়া হৈছে ডিব্ৰুগড়ৰ ৰাইজে ।

লগতে পঢ়ক:etv comment image Tiger Attacks Man: ডিব্ৰুগড়ত বাঘৰ আক্ৰমণত আহত এজন

Last Updated : October 14, 2022 at 7:21 AM IST