Tiger Attacks Man: ডিব্ৰুগড়ত বাঘৰ আক্ৰমণত আহত এজন

By

Published : Oct 13, 2022, 1:55 PM IST

thumbnail

ডিব্ৰুগড়ত বাঘৰ আতংক (Tigers menace in Dibrugarh) ৷ জিলাখনৰ খোৱাঙত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে হৈছে আহত এজন লোক (Man injured in tiger attack in Dibrugarh) । আহত লোকজনৰ নাম সদানন্দ কোঁ‌ৱৰ (৬০)। খোৱাঙৰ ১নং পদুমণি সৰুআলি পথাৰত পুৱা ঘাঁ‌হ কাটিবলৈ যাওঁতে বাঘে আক্ৰমণ কৰে লোকজনক । আহত লোকজনক ততাতৈয়াকৈ খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও লোকজন গুৰুতৰভাৱে আহত হোৱাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ ১০৮ এম্বুলেঞ্চ সেৱাৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে, জিলাখনৰ খোৱাং অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে বাঘৰ উপদ্ৰৱ । ইয়াৰ পূৰ্বেও বাঘৰ আক্ৰমণ আহত হৈছে বহুকেইজন লোক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.