ETV Bharat / state

Scam in Solar lamp:সৌৰ চাকিৰ নামত ধন সংগ্ৰহ বেচৰকাৰী সংস্থাৰ

author img

By

Published : Oct 23, 2022, 2:20 PM IST

জোনাইত বেচৰকাৰী সংস্থাইৰ বিৰুদ্ধে সৌৰ চাকি দিয়াৰ নামত দুখীয়া পৰিয়ালৰ পৰা লাখ লাখ ধন সংগ্ৰহৰ (Allegation of scam in Solar lamp at Jonai) অভিযোগ । বছৰ উকলি যোৱাৰ পিছতো সৌৰ চাকি যোগান নধৰাত ৰাইজৰ ক্ষোভ ।

Scam in Solar lamp
সৌৰ চাকিৰ নামত ধন সংগ্ৰহ বেচৰকাৰী সংস্থাৰ

জোনাই, ২৩ অক্টোবৰ: চৰকাৰী সৌৰ চাকি বিতৰণৰ নামত একাংশ দালালে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Solar light scam in Assam)। এনে অভিযোগ উত্থাপিত হৈছে জোনাইত । এইক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক অতি শীঘ্ৰে তদন্ত কৰিবলৈ ক্ষুব্ধ ৰাইজে দাবী জনাইছে ।

ধেমাজি জিলাৰ জোনাইৰ এটি বেচৰকাৰী সংস্থাই সৌৰ চাকি দিয়াৰ নামত দুখীয়া পৰিয়ালৰ পৰা লাখ লাখ ধন সংগ্ৰহৰ (Allegation of scam in Solar lamp at Jonai) অভিযোগ উত্থাপিত হৈছে । সংস্থাটোৰ স্বত্বাধিকাৰী তথা জে বি একাডেমিৰ অধ্যক্ষ ৰাজু চৌধুৰীৰ বিৰুদ্ধে উঠিছে এই ধন সংগ্ৰহৰ অভিযোগ ।

উল্লেখ্য় যে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহতে জেবি ডেভেলপমেণ্ট ট্ৰাষ্ট (Scam of JB Development Trust in Solar lamp) নামৰ বেচৰকাৰী সংস্থাটোৰ স্বত্বাধিকাৰী ৰাজু চৌধুৰীয়ে নৈপৰীয়া দুখীয়া শ শ পৰিয়ালৰ পৰা সৌৰ চাকি দিয়াৰ নামত ৫৫০ টকাকৈ সংগ্ৰহ কৰে । এই সংস্থাটোৰ স্বত্বাধিকাৰী ৰাজু চৌধুৰীয়ে এমাহৰ ভিতৰতে সৌৰ চাকি যোগান দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজি এবছৰ উকলি যোৱাৰ পিছতো সৌৰ চাকি যোগান ধৰা নাই । সেয়েহে জাঙুৰ খাই উঠিছে ভুক্তভোগী ৰাইজে ।

আনকি ভুক্তভোগীসকলে কেইবাবাৰো ৰাজু চৌধুৰীৰ লগত এই সন্দৰ্ভত যোগাযোগ কৰিব বিচাৰিছিল যদিও তেওঁলোকে কোনোধৰণৰ সুফল পোৱা নাই । ভুক্তভোগীসকলৰ অভিযোগ মতে, বেচৰকাৰী সংস্থাটোৰ স্বত্বাধিকাৰী চৌধুৰীয়ে সৌৰ চাকি যোগান দিয়াৰ নামত সংগ্ৰহ কৰা ধনেৰে জে বি একাডেমী নামৰ এখন ব্যক্তিগত বিদ্যালয় চলায় থকাৰ অভিযোগ উত্থাপিত হৈছে । সেয়েহে অতি শীঘ্ৰে সংস্থাটোৰ স্বত্বাধিকাৰী চৌধুৰীক সৌৰ চাকি যোগান দিবলৈ দাবী জনাইছে ক্ষুব্ধ ৰাইজে ।

সৌৰ চাকিৰ নামত ধন সংগ্ৰহ বেচৰকাৰী সংস্থাৰ

শক্তি বিভাগৰ গাফিলতি আৰু অৱহেলাৰ বাবে সাধাৰণ ৰাইজে জ্বলাকলা খাই অহাতো কোনো নতুন কথা নহয় । ভিতৰুৱা গাঁও অঞ্চলসমূহো ২৪ ঘণ্টাই বিদ্যুতৰ পোহৰেৰে আলোকিত কৰাৰ কথা চৰকাৰে কৈ অহাৰ সময়তে অন্ধকাৰত থাকিবলগীয়া হৈছে গাঁৱৰ ৰাইজ । নিশা হ'লেই আন্ধাৰত ডুব যায় জোনাইৰ বহুতো অঞ্চল ।

লগতে পঢ়ক:Diphu Govt Girls High School : ডিফু চৰকাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰী সমাৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.