ETV Bharat / state

Diphu Govt Girls High School : ডিফু চৰকাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰী সমাৰোহ

author img

By

Published : Oct 22, 2022, 10:56 PM IST

alumni-meet-held-at-diphu-govt-girls-high-school
ডিফু চৰকাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত প্ৰাক্তন ছাত্ৰী সমাৰোহ

গৌৰৱোজ্জল ৫৭ বৰ্ষ গৰকা ডিফু চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত (Diphu Govt Girls High School) শনিবাৰে প্ৰাক্তন ছাত্ৰী সমাৰোহ অনুষ্ঠিত হয় (Alumni meet at Diphu) ।

ডিফু, ২২ অক্টোবৰ : গৌৰৱোজ্জল ৫৭ বৰ্ষ গৰকা ডিফু চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত (Diphu Govt Girls High School) শনিবাৰে প্ৰাক্তন ছাত্ৰী সমাৰোহ অনুষ্ঠিত হয় (Alumni meet held) । ১৯৬৫ চনত স্থাপিত বিদ্যালয়খনত আজিকোপতি কোনো প্ৰাক্তন ছাত্ৰী সমাৰোহ হোৱা নাছিল ৷

কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে বিদ্যালয়খনত প্ৰাক্তন ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰিবলৈ কেইগৰাকীমান প্ৰাক্তন ছাত্ৰীৰ সহযোগত এখন উদযাপন সমিতি গঠন কৰি দিয়া হৈছিল ৷ উক্ত প্ৰাক্তন ছাত্ৰী সমাৰোহ উদযাপন সমিতিখনৰ সহযোগতে বিগত ৫ ছেপ্তেম্বৰত বিদ্যালয়খনৰ প্ৰাক্তন আৰু অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীসকলক তেওঁলোকৰ ত্যাগৰ কথা সুঁৱৰি সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

ইয়াৰ পাছতেই শনিবাৰে পুৱা ৭ বজাত বিদ্যালয়ৰ চৌহদত ৫৭ খন পতাকা উত্তোলন কৰি প্ৰাক্তন ছাত্ৰী সমাৰোহখনৰ শুভাৰম্ভ কৰা হয় । বিদ্যালয়খনৰ লগত জড়িত সোণালী অতীতৰ মধুৰ স্মৃতি ৰোমন্থন কৰাৰ পোষকতাৰে অনুষ্ঠিত এই প্ৰাক্তন ছাত্ৰী সমাৰোহৰ লগত সংগতি ৰাখি বিদ্যালয়খনত ইতিপূৰ্বে অধ্যয়ন কৰি যোৱা ছাত্ৰীসকলে ডিফু চৰকাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সমবেত হৈ ডিফুৰ টাউন হললৈকে এক শোভাযাত্ৰা উলিয়ায় ৷

ডিফু চৰকাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত প্ৰাক্তন ছাত্ৰী সমাৰোহ

দিনৰ ১০-৩০ বজাত হেমাঞ্জলি সন্দিকৈৰ পৌৰোহিত্যত সমাৰোহৰ মুকলি সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙৰ ( Dr Tuliram Ronghang) লগতে বিধায়ক বিদ্যাছিং ইঙলেং, পদ্মশ্ৰী ধনেশ্বৰ ইংতি (Padma Shri Dhaneswar Engti), বিশিষ্ট লেখক সাংবাদিক পৱিত্ৰ বৰা, পৰিষদৰ কেইবাগৰাকী ই এম, এম এ চি সকল উপস্থিত থাকি বহুমূলীয়া ভাষণ প্ৰদান কৰে ৷

ইয়াৰোপৰি বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী তথা কাৰ্বি আংলঙৰ কৰ্তব্যৰত উপায়ুক্ত মধুমিতা ভাগৱতীকে ধৰি কেইবাগৰাকী প্ৰাক্তন ছাত্ৰীয়ে বিদ্যালয়খনৰ অতীত স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰা পৰিলক্ষিত হয় ৷ উক্ত মুকলি সভাতেই শশীকলা হাঞ্চেপিৰ তিনিটা গীতৰ কেছেট শুভ উন্মোচন কৰে মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

লগতে বিদ্যালয়ৰ আলোচনী 'ৰোমন্থন' ৰ শুভ উন্মোচন কৰে প্ৰেমদা দত্তই । সন্ধিয়া বৰ্ণিল সাংস্কৃতিক সন্ধিয়াৰে প্ৰাক্তন ছাত্ৰী সমাৰোহৰ সফল সামৰণি ঘটে ।

লগতে পঢ়ক: Basistha Dev Sharma no more : বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ জীৱনপঞ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.