ETV Bharat / state

Boro Sahitya Sabha: উলহ-মালহেৰে উদযাপন বড়ো সাহিত্য সভাৰ 71 সংখ্যক প্ৰতিষ্ঠা দিৱস

author img

By

Published : Nov 17, 2022, 11:28 AM IST

sabha
বড়ো সাহিত্য সভাৰ 71 সংখ্যক প্ৰতিষ্ঠা দিৱস

বড়ো সাহিত্য সভাৰ চিমেন আঞ্চলিক সমিতিৰ উদ্যোগত চিমেন চাপৰিত বড়ো সাহিত্য সভাৰ 71 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ জনজাতীয় বাগুৰুম্বা নৃত্যত উখল মাখল প্ৰতিষ্ঠা দিৱসৰ বাকৰি ৷ সাহিত্য সভাৰ 71 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে সামৰণি পৰে চিমেন প্ৰাথমিক সমিতিৰ 23 সংখ্যক আৰু আবৌফৰ চিমেন আঞ্চলিক সমিতিৰ 14 সংখ্যক বছৰেকীয়া অধিৱেশনৰ ৷

জোনাই, 17 নৱেম্বৰ : মংগলবাৰৰ পৰা চিমেন চাপৰিৰ জয়পুৰ বড়ো প্ৰাথমিক বিদ্যালয়ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয় বড়ো সাহিত্য সভাৰ 71 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ বড়ো সাহিত্য সভাৰ চিমেন আঞ্চলিক সমিতিৰ উদ্যোগত এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ লগতে চিমেন প্ৰাথমিক সমিতিৰ 23 সংখ্যক আৰু আবৌফৰ চিমেন আঞ্চলিক সমিতিৰ 14 সংখ্যক বছৰেকীয়া অধিৱেশনৰ বুধবাৰে সফল সামৰণি পৰে ।

বড়ো সাহিত্য সভাৰ 71 সংখ্যক প্ৰতিষ্ঠা দিৱস

পুৱা 7.30 বজাত বড়ো সাহিত্য সভা আৰু আবৌফৰ পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷ তাৰ পিছত কৰা হয় শ্বহীদ তৰ্পণ ৷ পুৱা 10 বজাত বড়ো সাহিত্য সভাৰ চিমেন প্ৰাথমিক সমিতিৰ উপ-সভাপতি জলেশ্বৰ বড়োৰ সভাপতিত্বত ক্ৰীড়া আৰু সাহিত্য প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ বিতৰণ কৰা হয় ৷ পুৱা 10.30 বজাত স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি প্ৰসেনজিৎ মুছাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত কৰা গ্ৰন্থ উন্মোচনী সভাত স্মৃতিগ্ৰন্থ ‘জয়পুৰ হালামণি নেৰচন’ খন উন্মোচন কৰে চিমেন চাপৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰাফুদাই মুছাহাৰীয়ে । দিনৰ 11.30 বজাত মাওফুংসা ৰামচিয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্ধোধন কৰে বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ উপদেষ্টা ললিত চন্দ্ৰ বড়োয়ে । মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই অভ্যৰ্থনা সমিতিৰ সভাপতি বিমল মুছাহাৰীয়ে ।

মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ইউবিপিঅ'ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয়, বড়ো সকলে সুদীৰ্ঘ বছৰ ধৰি গণতান্ত্ৰিক আন্দোলনৰ উপৰি সশস্ত্ৰ সংগ্ৰাম কৰি আহিছে ৷ জাতিৰ সুৰক্ষা, নিৰাপত্তা,বিকাশ আৰু উন্নয়নৰ বাবে তেওঁলোক সদায় দায়বদ্ধ । দীঘলীয়া বড়োলেণ্ড আন্দোলনৰ ফলত তিনিখনকৈ চুক্তি সম্পাদিত হ'ল যদিও আজিও বড়ো জনগণৰ মাজত বিভিন্ন জ্বলন্ত সমস্যা আছে বুলি বক্তব্য আগবঢ়ায় তেওঁ । তেওঁ তৃতীয় বড়ো শান্তি চুক্তিৰ দফা সমূহ কাৰ্য্যকৰী কৰিবলৈ চৰকাৰক দাবী জনায় ।

মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই আবৌফৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰীয়ে ৷ তেওঁ কয় বড়ো সকলৰ সৰ্বতো প্ৰকাৰৰ উন্নয়ন সাধন হ'বলৈ বড়ো মহিলা সকলৰ ভূমিকা গুৰুত্বপূৰ্ণ ৷ এখন সুস্থ আৰু প্ৰগতিশীল সমাজ নিৰ্মাণ কৰিবলৈ আবৌফে জন্ম লগ্নৰে পৰাই সৱল নেতৃত্ব লৈ আহিছে বুলি মন্তব্য কৰে ফুলেশ্বৰী দৈমাৰীয়ে । মুকলি সভাত বিশিষ্ট অতিথি হিচাপে এছবি বড়ো হাইস্কুলৰ প্ৰধান শিক্ষক সোণেশ্বৰ বসুমতাৰী,সানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম আৰু জৌহৌওলাও নীলেশ্বৰ ব্ৰহ্ম বঁটা প্ৰাপক বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, ইউবিপিঅ'ৰ উপদেষ্টা শুক্ৰেশ্বৰ গয়াৰী, বিটিএডিৰ বাহিৰৰ আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰী,বাথৌ মহাসভাৰ যুৱ সমিতিৰ সাধাৰণ সম্পাদক ৰাজেশ বসুমতাৰী প্ৰমুখ্যে বড়ো জাতীয় সংগঠনৰ বহু সংখ্যক নেতা উপস্থিত থাকে ।

মুকলি সভাৰ অনুষ্ঠানত বাগুৰুম্বা নৃত্য পৰিৱেশন কৰে স্থানীয় মহিলা সকলে ৷ মানুহৰ সমাগমেৰে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় প্ৰতিষ্ঠা দিৱসৰ বাকৰি । সন্ধিয়া 6 বজাত অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰে ইউবিপিঅ'ৰ সাংস্কৃতিক সম্পাদক নিৰ্মল ব্ৰহ্মই । অনুষ্ঠানত কেইবাগৰাকী উদীয়মান কন্ঠশিল্পীয়ে গীত-মাত পৰিৱেশন কৰে । কালি নিশা অনুষ্ঠিত হোৱা আবৌফৰ প্ৰতিনিধি সভাত আবৌফৰ চিমেন আঞ্চলিক সমিতিৰ এখন নতুন কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰা হয় ।

লগতে পঢ়ক : Amitabh Bachchan instagram: নিজৰ পোহনীয়া কুকুৰটোৰ মৃত্যুত ভাগি পৰিছে বিগ বি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.