ETV Bharat / state

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সপ্তাহ পালন

author img

By

Published : Oct 6, 2022, 5:01 PM IST

68th Wild life Week celebrate at Orang
68th Wild life Week celebrate at Orang

সমগ্ৰ অসমৰ লগতে ওৰাঙতো ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহ (68th Wild life Week celebrate at Orang) উদযাপন কৰা হয় । ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ সৌজন্যত উদ্যানখনত ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয় । পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে মূল প্ৰজাতিসমূহ উদ্ধাৰ কৰাটোৱেই এই বৰ্ষৰ বন্যপ্ৰাণী সপ্তাহৰ মূল বিষয়বস্তু ।

দলগাঁও, 6 অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱৰ সামৰণিৰ পিছত বৃহস্পতিবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ (Orang National Park and Tiger Project) সৌজন্যত উদ্যানখনত ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয় (68th Wild life Week celebrate at Orang)। প্ৰতিবছৰেই উদ্যানখনত ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ উদযাপন কৰা হয় বন্যপ্ৰাণী সপ্তাহ (Wild life Week observed in Orang )।

মঙলদৈ বন সংমণ্ডল প্ৰাধিকাৰী (Mangaldoi Forest Division Authority) প্রদীপ্ত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত বন্যপ্ৰাণী সপ্তাহৰ জৰিয়তে আমি কেনেকৈ বন্যপ্ৰাণীক সংৰক্ষণ কৰি ৰাখিব পাৰো সেই বিষয়ে আলোচনা কৰা হয় । তদুপৰি সজাগতাৰো সৃষ্টি কৰা হয় ৷ বন্যপ্ৰাণী আৰু মানুহৰ সহাৱস্থানক লৈ ৰাইজক সজাগ কৰাৰ প্ৰয়াসেৰে বন বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সপ্তাহ পালন

উক্ত সভাখনত উপস্থিত থাকে সহকাৰী বন সংৰক্ষক ৰাজীৱ হাজৰিকা, ৰেঞ্জাৰ দিব্যজ্যোতি দেউৰী, গাঁওৰক্ষী বাহিনীৰ সদস্যসকল,গাঁও প্ৰধান সকলৰৰ লগতে ৰাষ্ট্ৰীয় উদ্যান খনৰ দাঁতিকাষৰীয়া অঞ্চলৰ শতাধিক ৰাইজ উপস্থিত থাকে (68th Wild life Week celebrate in Assam) ৷ সপ্তাহজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বন্যপ্ৰাণী সপ্তাহ । পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে মূল প্ৰজাতিসমূহ উদ্ধাৰ কৰাটোৱেই এই বৰ্ষৰ বন্যপ্ৰাণী সপ্তাহৰ মূল বিষয়বস্তু ।

লগতে পঢ়ক:খাদ্যত বিষক্ৰিয়া হৈ গোৱালপাৰাত বন্য হস্তীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.