ETV Bharat / state

এমুঠি অন্নৰ বাবে সংগ্ৰাম...

author img

By

Published : Jun 2, 2021, 6:22 PM IST

foothpath resident story
এমুঠি অন্নৰ বাবে সংগ্ৰাম

দৰঙৰ খাৰুপেটীয়াত এক বিশেষ দৃশ্য বন্দী হৈছে ই টিভি ভাৰতৰ কেমেৰাত । ক্ষুধা নিবাৰণৰ বাবে এগৰাকী অঘৰীয়ে খাদ্য বিচাৰিছে ডাষ্টবিনত । ডাষ্টবিনৰ পৰা একাংশ লোকে খাই পেলাই দিয়া থালবোৰ বুটলি তাৰ পৰা অখাদ্য গ্ৰহণ কৰিছে । এই দৃশ্যই এতিয়া সকলোকে মৰ্মাহত কৰি তুলিছে ।

দলগাঁও, ২জুন : ৰাজ্যজুৰি কৰ'ণাৰ সংক্ৰমণ অব্যাহত আছে । যাৰ বাবে সমগ্ৰ অসমতে সান্ধ্য আইন জাৰি ৰাখিছে প্ৰশাসনে । কিন্তু ইয়াৰ ফলত চৰম বিপদৰ সন্মুখীন হৈছে পদপথত বাস কৰা একাংশ অঘৰী । হোটেল, ৰেষ্টুৰেন্ট আদি বন্ধ হৈ থকাত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঘৰীসকলে ।

এমুঠি অন্নৰ বাবে সংগ্ৰাম

ইয়াৰ মাজতে দৰঙৰ খাৰুপেটীয়াত এক বিশেষ দৃশ্য বন্দী হৈছে ইটিভি ভাৰতৰ কেমেৰাত । ক্ষুধা নিবাৰণৰ বাবে এগৰাকী অঘৰীয়ে খাদ্য বিচাৰিছে ডাষ্টবিনত । ডাষ্টবিনৰ পৰা একাংশ লোকে খাই পেলাই দিয়া থালবোৰ বুটলি তাৰ পৰা অখাদ্য গ্ৰহণ কৰিছে । এই দৃশ্যই এতিয়া সকলোকে মৰ্মাহত কৰি তুলিছে ।

কৰ'ণাই কি দৰে মানুহৰ জীৱনত প্ৰভাৱ পেলাইছে এই দৃশ্য দেখাৰ পিছত সকলোৱে ভাবিবলৈ বাধ্য হ'ব । বহু ঠাইত যদিও পদপথৰ লোকক বিভিন্ন জনে খাদ্য যোগান ধৰিছে কিন্তু খাৰুপেটীয়াৰ এইজনৰ বাবে কেৱল জীয়াই থাকিবলৈ এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক:ৰাইজৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিল এটা পানী যোগান আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.