ETV Bharat / state

দৰং আৰক্ষীৰ গুলীচালনাত নিহত দুৰ্ধৰ্ষ ডকাইত

author img

By

Published : Aug 11, 2021, 1:13 PM IST

police encounter
দৰং আৰক্ষীৰ হাতত নিহত দুধৰ্ষ ডকাইত

দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত আলিকাষত মঙলবাৰে নিশা আৰক্ষীৰ গুলীচালনাত নিহত হয় দুৰ্ধৰ্ষ ডকাইত আছাবাবু আলী । কেইবাটাও ডকাইতিৰ ঘটনা আৰু হত্যাৰ লগত জড়িত থকাৰ অভিযোগ আছিল নিহত আছাবাবুৰ বিৰুদ্ধে ।

দৰং, ১১ আগষ্ট : শেহতীয়াকৈ অসমত কেইবাটাও অসম আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা পোহৰলৈ আহিছে । অসমত বিগত প্ৰায় ৩ মাহত কেইবাগৰাকী অপৰাধী আৰক্ষীৰ হাতত নিহত হৈছে । এইবাৰ দৰং আৰক্ষীৰ হাতত নিহত ম'ষ্ট ৱাণ্টেড (Most Wanted) ডকাইত আছাবাবু আলী ৷ দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত আলিকাষত নিশা আৰক্ষীৰ গুলীচালনাত নিহত হয় দুৰ্ধৰ্ষ ডকাইত আছাবাবু ৷

মঙলবাৰে খাৰুপেটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত নিশা অস্ত্ৰ ভাণ্ডাৰৰ অনুসন্ধানৰ বাবে আৰক্ষীয়ে লৈ গৈছিল ডকাইত আছাবাবুক । সেই সময়তে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল ডকাইতটোৱে । উল্লেখ্য যে, কেইবাটাও ডকাইতি ঘটনা আৰু হত্যাৰ লগতো জড়িত থকাৰ অভিযোগ আছিল নিহত আছাবাবুৰ বিৰুদ্ধে ।

২০১৪ চনৰ ২৮ আগষ্টত মঙলদৈ চহৰৰ প্ৰখ্যাত আইনবিদ বিনয় ঘোষৰ ঘৰত নিশা ডকাইতিৰ ঘটনা সংঘটিত হৈছিল ৷ তদুপৰি উক্ত ডকাইতিৰ সময়তে বিনয় ঘোষক হত্যা কৰিছিল দুৰ্বৃত্তই । এই ঘটনাৰ লগত জড়িত আছিল আছাবাবু । আনহাতে দৰং জিলাৰ বিভিন্ন অসামাজিক কাৰ্যৰ সৈতেও জড়িত আছিল আছাবাবু । সম্প্ৰতি ডকাইতটোৰ মৃতদেহ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে ।

লগতে পঢ়ক : বন বিভাগৰ অভিযানত ডেৰ লাখ টকাৰ চোৰাং কাঠ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.