ETV Bharat / state

বন বিভাগৰ অভিযানত ডেৰ লাখ টকাৰ চোৰাং কাঠ জব্দ

author img

By

Published : Aug 11, 2021, 12:25 PM IST

Updated : Aug 11, 2021, 12:55 PM IST

চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত ৷ শেহতীয়াকৈ কুলশী বন বিভাগে অব্যাহত ৰাখিছে চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান ।

illegal timber
পলাশবাৰীত বন বিভাগৰ অভিযানত ডেৰ লাখ টকাৰ চোৰাং কাঠ জব্দ

ছয়গাঁও, ১১ আগষ্ট : ৰাজ্যত অব্যাহত কাঠৰ চোৰাং বেহা । অসমৰ বনাঞ্চল ধ্বংস কৰি একাংশই অব্যাহত ৰাখিছে কাঠৰ চোৰাং সৰবৰাহ । বন বিভাগৰ চকুৰ সন্মুখতে একাংশ লোকে অসমৰ ভিন্ন প্ৰান্তত এই দুস্কাৰ্য সংঘটিত কৰি আহিছে ।

বিশেষকৈ কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলত শেহতীয়াকৈ বৃদ্ধি পাইছে কাঠৰ চোৰাং সৰবৰাহ । যাৰ বাবে ৰাইজ তথা বিভিন্ন দল সংগঠনে বন বিভাগত অভিযোগ উত্থাপন কৰি আহিছে । অভিযোগৰ ভিত্তিতে শেহতীয়াকৈ কুলশী বন বিভাগে অব্যাহত ৰাখিছে চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান ।

এইবাৰ চানডুবি মিৰ্জা পথত চলিল কুলশী বন বিভাগৰ অভিযান ৷ নিশা চলোৱা অভিযানত বলেৰ’ পিক আপ ভান সহ চোৰাং কাঠৰ কুণ্ডা জব্দ কৰে বন বিভাগৰ এটা দলে ৷ কুলশী আঞ্চলিক বন বিষয়া দ্বিপন ডেকাৰ নেতৃত্বত চলোৱা এই অভিযানত পলাশবাৰী সমষ্টিৰ ভোলাগাঁৱৰ ওচৰত জব্দ কৰা হয় চোৰাং কাঠ কঢ়িয়াই নিয়া বলেৰ' পিক আপ ভানখনৰ লগতে মূল্যৱান শাল কাঠখিনি ৷

তথ্য অনুসৰি, উক্ত পথেৰে মাজে-সময়ে সৰবৰাহ হৈ থাকে চোৰাং কাঠ । নিশাৰ ভাগত চলোৱা এই অভিযানত চোৰাং কাঠ ব্যৱসায়ীৰ এটি দলে উক্ত পথেৰে বলেৰ’ খনেৰে কাঠ কঢ়িয়াই নিয়া প্ৰত্যক্ষ কৰি বন বিভাগৰ দলটোৱে বাহনখন ৰখাবলৈ সংকেত দিয়ে ৷ পিছে বন বিভাগৰ দলটোক দেখা মাত্ৰকে চোৰাং কাঠ ব্যৱসায়ী দলটোৱে তীব্ৰ বেগেৰে পলায়ন কৰে ৷

বন বিভাগৰ দলটোৱে বাহনখনৰ পিছে পিছে কিছু দূৰলৈ খেদি যোৱাৰ পাছত ভোলাগাঁৱৰ খেতিপথাৰৰ কাষত কাঠসহ বাহনখন এৰি দলটোৱে পলায়ন কৰে । পিছত বন বিভাগৰ দলটোৱে বাহনসহ কাঠখিনি কুলশী বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আহে ৷ জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় এক লাখ পঞ্চাশ হাজাৰ টকা ৷

লগতে পঢ়ক : বৰপেটাত নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ জব্দ

Last Updated : Aug 11, 2021, 12:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.