ETV Bharat / state

মুছলমান ৰাইজক ধলপুৰ শিৱ মন্দিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jun 7, 2021, 5:03 PM IST

Updated : Jun 7, 2021, 8:39 PM IST

cm-himanta-biswa-sharma-visited-to-sipajhar
ধলপুৰ শিৱ মন্দিৰৰ ভূমি বেদখল: পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত মুখ্যমন্ত্ৰী

ৰাজ্যত সত্ৰ, মন্দিৰ আদিৰ ভূমি বেদখল অব্যাহত আছে । এইবাৰ দৰঙ জিলাৰ ছিপাঝাৰ সমষ্টিৰ ধলপুৰ শিৱ মন্দিৰৰ ভূমি নিশাৰ ভিতৰতে সন্দেহযুক্ত নাগৰিকে বেদখল কৰে । ছিপাঝাৰ সমষ্টিৰ ফুহুৰাতলীৰ ৭৭,৪২০ বিঘা ভূমি সন্দেহ যুক্ত নাগৰিকে বেদখল কৰি থকা পিচত পুনৰ সন্দেহ যুক্ত নাগৰিকে বেদখল কৰিছে দৰঙৰ ঢলপুৰ শিৱ মন্দিৰৰ ভূমি ৷ সোমবাৰে ঢলপুৰ শিৱমন্দিৰত পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

মঙলদৈ, 7 জুন : দৰঙৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক ধলপুৰ শিৱমন্দিৰত প্ৰতিকূল বতৰকো নেওচি সোমবাৰে উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ছিপাঝাৰৰ গৰুখুটিত হেলিকপ্টাৰৰে অৱতৰণ কৰি যন্ত্ৰচালিতে নাৱেৰে যাত্ৰা কৰি মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷ ঢলপুৰত উপস্থিত হৈ ঐতিহাসিক ঢলপুৰ শিৱমন্দিৰত আশিস লৈ মন্দিৰৰ 120 বিঘা বেদখলীকৃত ভূমিৰ বিষয়ে বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

পুৱা 9 বজাত মুখ্যমন্ত্ৰীগৰাকী ছিপাঝাৰত উপস্থিত হোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে দুঘন্টা পলমকৈ গৈ ধলপুৰত উপস্থিত হয় ৷ মুখ্যমন্ত্ৰীৰ উক্ত ভ্ৰমণত সংগ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব শৰ্মা ৷

সাংবিদকৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মন্দিৰৰ বেদখলীকৃত ভূমি ইতিমধ্যে উচ্ছেদ কৰা হৈছে আৰু ইয়াত মন্দিৰৰ মণিকূট আৰু অতিথিশালা নিৰ্মাণ কৰা হ’ব ৷ তাৰোপৰি এই মন্দিৰৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দাঁতি কাষৰীয়া ইছলাম ধৰ্মাৱলম্বী ৰাইজক অৰ্পণ কৰে মুখ্যমন্ত্ৰীয়ে ৷

মুছলমান ৰাইজক ধলপুৰ শিৱ মন্দিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ

উল্লেখ্য যে, ছিপাঝাৰ সমষ্টিৰ ধলপুৰ শিৱ মন্দিৰৰ ১৮০ বিঘা ভূমি চৰকাৰে আৱন্টন দিছিল ৷ কিন্তু এই ধলপুৰ শিৱ মন্দিৰৰ ১২০ বিঘা ভূমি সন্দেহযুক্ত নাগৰিকে বেদখল কৰিছে, কিছু মাহ পূৰ্বে দৰঙ জিলা প্ৰশাসনে উচ্ছেদ কৰিছিল যদিও পুনৰ নিশাৰ ভিতৰতে সন্দেহ যুক্ত নাগৰিকে বেদখল কৰে ৷ এই খবৰ পোৱাৰ পিছতে 3 জুন তাৰিখে ঘটনাস্থলীত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ তথা দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা । শেহতীয়াভাৱে সোমবাৰে উক্ত স্থানত পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক: অসমত আলংকাৰিক মাছৰ যথেষ্ট সম্ভাৱনীয়তা আছে: মুনীন দত্ত

Last Updated :Jun 7, 2021, 8:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.