ETV Bharat / state

India A দলত স্থান লাভ ক্ৰিকেটাৰ জিণ্টিমণি কলিতাৰ, উৎফুল্লিত পৰিয়াল

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 4:02 PM IST

ভাৰতীয় এ দলত স্থান লাভ ক্ৰিকেটাৰ জিণ্টিমণি কলিতাৰ ৷ ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া খেলৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে অসমৰ ক্ৰিকেটাৰ গৰাকীয়ে ৷

Assam Cricketer Jintimani Kalita
ক্ৰিকেটাৰ জিণ্টিমণি কলিতা

ভাৰতীয় এ দলত স্থান লাভ ক্ৰিকেটাৰ জিন্টিমণি কলিতাৰ

দৰং, 23 নৱেম্বৰ : মঙলদৈৰ উদীয়মান ক্ৰিকেটাৰ জিণ্টিমণি কলিতাৰ ভাৰতীয় এ (India A) দলত স্থান লাভ ৷ ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া খেলৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে অসমৰ ক্ৰিকেটাৰ গৰাকীয়ে ৷ ভাৰতীয় এ দলত স্থান লাভ কৰাৰ পিছতে মঙলদৈস্থিত জিণ্টিমণি কলিতাৰ গৃহত এতিয়া দেখা গৈছে আনন্দমুখৰ পৰিৱেশ ৷

মঙলদৈৰ সু-সন্তান, ভাল বলাৰ ৰূপে পৰিচিত জিন্টিমণি কলিতাই সৰুৰে পৰাই ক্ৰিকেট খেলৰ প্ৰতি আসক্ত আছিল ৷ পিতৃ-মাতৃৰ একান্ত বাধ্য সন্তান জিণ্টিমণি কলিতাই অধ্যয়নৰ সমান্তৰালভাৱে নিতৌ ক্ৰিকেট খেলতো মনোনিৱেশ কৰিছিল ৷ ক্ৰিকেট খেলক অন্তৰৰ পৰা আঁকোৱালি লৈ আগবাঢ়ি যোৱা জিণ্টিমণি কলিতাই নিজৰ অধ্যৱসায়, কঠোৰ পৰিশ্ৰম তথা অনুশীলনৰ বলত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগা মেচত India A দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ লক্ষ্ণৌত চলি থকা বিশেষ শিবিৰত অংশগ্ৰহণ কৰিবলৈ গৈ থকাৰ সময়তে জিণ্টিমণিয়ে এই খবৰ লাভ কৰে ।

উল্লেখ্য যে, জিণ্টিমণিয়ে প্ৰথমে নিজৰ কণিষ্ঠ ভাতৃক ক্ৰিকেট খেলৰ প্ৰশিক্ষণৰ বাবে লৈ গৈছিল ৷ ইয়াৰ পিছতেই ক্ৰিকেট খেলৰ প্ৰতি মন মেলে জিণ্টিমণিয়ে ৷ ক্ৰিকেটাৰ হোৱাৰ লক্ষ্যৰে মঙলদৈ ষ্টেডিয়ামত ক্ৰিকেটৰ অনুশীলন আৰম্ভ কৰি পৰৱৰ্তী সময়ত জিণ্টিমণিয়ে অসম ক্ৰিকেট দলত স্থান লাভ কৰে ৷ পৰৱৰ্তী সময়ত ভাৰতীয় B টীমত স্থান লাভ কৰা জিণ্টিমণিক ৱ’মেন প্ৰিমিয়াৰ লীগ (WPL) ত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰে ৷ ভাল খেল প্ৰদৰ্শনেৰে ভাৰতীয় A দলত স্থান নিশ্চিত কৰা জিণ্টিমণিৰ এই সাফল্যক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে মঙলদৈবাসী ৰাইজ ৷

লগতে পঢ়ক : এছ এছ বিৰ তেজপুৰ ফ্ৰন্টিয়াৰৰ বেডমিণ্টন টুৰ্ণামেণ্ট, পাটনাৰ শিৰত চেম্পিয়নশ্বিপৰ মুকুট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.