ETV Bharat / state

এছ এছ বিৰ তেজপুৰ ফ্ৰন্টিয়াৰৰ বেডমিণ্টন টুৰ্ণামেণ্ট, পাটনাৰ শিৰত চেম্পিয়নশ্বিপৰ মুকুট

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 9:38 PM IST

SSB Frontier badminton championship
এছ এছ বিৰ তেজপুৰ ফ্ৰন্টিয়াৰৰ বেডমিণ্টন টুৰ্ণামেণ্ট

এছ এছ বিৰ তেজপুৰ ফ্ৰন্টিয়াৰৰ উদ্যোগত অনুষ্ঠিত হৈ যায় আন্তঃফ্ৰন্টিয়াৰ বেডমিন্টন চেম্পিয়নশ্বিপ ৷ উক্ত খেলত পাটনা ফ্ৰন্টিয়াৰে চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে । আনহাতে দিল্লী ফ্ৰন্টিয়াৰ মুখ্যালয়ে বিজিত দলৰ সন্মান অৰ্জন কৰিছে ।

এছ এছ বিৰ তেজপুৰ ফ্ৰন্টিয়াৰৰ বেডমিণ্টন টুৰ্ণামেণ্ট

তেজপুৰ, ২২ নৱেম্বৰ : কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ তেজপুৰ ফ্ৰন্টিয়াৰৰ উদ্যোগত ২০ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় আন্তঃফ্ৰণ্টিয়াৰ বেডমিন্টন চেম্পিয়নশ্বিপ ৷ তেজপুৰ পল'ফিল্ডৰ বিজিত শইকীয়া ইণ্ডৰ বেডমিন্টন ষ্টেডিয়ামত অনুষ্ঠিত আন্তঃফ্ৰন্টিয়াৰ বেডমিন্টন চেম্পিয়নশ্বিপ-২০২৩ ত পাটনা ফ্ৰন্টিয়াৰে চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে ।

উল্লেখ্য যে পাটনা ফ্ৰণ্টিয়াৰে এই খিতাপ দখল কৰি ২০২৪ৰ জানুৱাৰী অথবা ফেব্ৰুৱাৰীত পুনেত অনুষ্ঠিত হ'বলগীয়া সৰ্বভাৰতীয় পুলিচ মীটত অংশগ্ৰহন কৰাৰ যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে দিল্লী ফ্ৰন্টিয়াৰ মুখ্যালয়ে বিজিত দলৰ সন্মান অৰ্জন কৰিছে ।

আজি বিয়লি তেজপুৰ পল’ফিল্ডৰ বিজিত শইকীয়া ইণ্ডৰ বেডমিন্টন ষ্টেডিয়ামত অনুষ্ঠিত বেডমিন্টনৰ ডাবলছৰ অন্তিমখন চূড়ান্ত খেলৰ পাচতেই অনুষ্ঠিত বটাঁ বিতৰণী সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহন কৰি তেজপুৰ প্ৰতিৰক্ষা গৱেষণাগাৰৰ সঞ্চালক ডঃ দেৱব্ৰৎ খম্বুজে চেম্পিয়ন পাটনা ফ্ৰন্টিয়াৰ আৰু বিজিত দিল্লী ফ্ৰন্টিয়াৰ মুখ্যালয় দলক ট্ৰফী প্ৰদান কৰে ।

সশস্ত্ৰ সীমা বলৰ তেজপুৰ ফ্ৰন্টিয়াৰৰ মহাপৰিদৰ্শক বিনোদ নায়কে আদৰণি ভাষন দিয়া বঁটা বিতৰণী সভাত সেনাৰ চতুৰ্থ ক'ৰৰ ব্ৰিগেডিয়াৰ বিক্ৰম শ্বেখাৱট আৰু শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই সন্মানিত অতিথি হিচাবে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে সশস্ত্ৰ সীমা বলৰ তেজপুৰ ফ্ৰন্টিয়াৰৰ উদ্যোগত অনুষ্ঠিত আন্তঃফ্ৰন্টিয়াৰ বেডমিন্টন প্ৰতিযোগিতাৰ প্ৰবীণ খেলুৱৈৰ শাখাত গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহাপৰিদৰ্শক ৰাজেন্দ্ৰ কুমাৰ ভূমলা চিংগলছৰ এক খেলত বিজয়ী হোৱাত মেডেল লোৱাৰ সময়ত গুৱাহাটী ফ্ৰন্টিয়াৰৰ আন আন খেলুৱৈৰ লগত একে শাৰীত থিয়হৈ খেলুৱৈসকলৰ মনোবল বৃদ্ধিত অৰিহণা যোগোৱা দৃশ্য প্ৰশংসনীয় আছিল ।

আনহাতে সশস্ত্ৰ সীমা বলৰ তেজপুৰ ফ্ৰন্টিয়াৰৰ লগতে পাটনা, দিল্লী ফ্ৰন্টিয়াৰ মুখ্যালয়, ৰাণীখেট, গুৱাহাটী, লক্ষ্নৌ, শিলিগুৰি আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ ১৭ গৰাকী মহিলা খেলুৱৈসহ ১০৫ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাৰ ১৭ টা ইভেন্টত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : নিজা দল এৰি ছিকিম ডেমক্ৰেটিক ফ্ৰন্টত যোগ দিব বাইচুং ভূটীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.