ETV Bharat / state

নামভৰ্তিৰ বাবদ ধন সংগ্ৰহৰ অভিযোগত আমছুৰ প্ৰতিবাদ

author img

By

Published : Apr 27, 2021, 8:52 AM IST

2021-22 শিক্ষাবৰ্ষৰ নামভৰ্তিৰ বাবদ দৰং জিলাৰ দলগাঁও বৰুৱাঝাৰ হাইস্কুলৰ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ ৷ আমছু কৰ্মীৰ বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত ৷

নামভৰ্তিৰ বাবদ ধন সংগ্ৰহৰ অভিযোগত বৰুৱাঝাৰ হাইস্কুলত আমছুৰ প্ৰতিবাদ
নামভৰ্তিৰ বাবদ ধন সংগ্ৰহৰ অভিযোগত বৰুৱাঝাৰ হাইস্কুলত আমছুৰ প্ৰতিবাদ

দলগাঁও,27 এপ্ৰিল: দৰং জিলাৰ দলগাঁও বৰুৱাঝাৰ হাইস্কুলত আমছুৰ প্ৰতিবাদ ৷ 2021-22 শিক্ষাবৰ্ষৰ নামভৰ্তিৰ বাবদ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰি একাংশ আমছু কৰ্মীয়ে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত সাব্যস্ত কৰে প্ৰতিবাদ ৷ নাম ভৰ্তিৰ বাবদ ধন সংগ্ৰহ কৰাৰ বিষয়টোৱে অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ইমৰাণ হুছেইনে আমছুৰ সকলো অভিযোগ নসাৎত কৰি এজাহাৰ দাখিল কৰে ৷ ইফালে বিষয়টো সন্দৰ্ভত আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শকক লিখিত অভিযোগ দাখিল কৰে ৷ লগতে দলগাঁও থানাত এই সন্দৰ্ভত এক গোচৰ দাখিল কৰে ৷

নামভৰ্তিৰ বাবদ ধন সংগ্ৰহৰ অভিযোগত আমছুৰ প্ৰতিবাদ

উল্লেখ্য যে, আমছুৰ সকলো অভিযোগ নসাৎত কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ইমৰাণ হুছেইনে । খেল-ধেমালি, উৎসৱ-পাৰ্বণৰ নামত চৰকাৰী নিৰ্দেশৰ আধাৰত ২০০ টকাকৈ সংগ্ৰহ কৰা হৈছে । সম্পূৰ্ণ চৰকাৰী নীতিৰ আধাৰত উপযুক্ত ৰচিদ দি ধন সংগ্ৰহ কৰাৰ কথা ব্য়ক্ত কৰে প্ৰধান শিক্ষক গৰাকীয়ে । আমছুৰ একাংশ নেতাই বিদ্যালয়খনৰ পৰিৱেশ অস্থিৰ কৰি তোলাৰ বাবে এই অভিযোগ উত্থাপন কৰাৰ কথাও ব্যক্ত কৰে প্ৰধান শিক্ষক ইমৰাণ হুছেইনে ৷

নামভৰ্তিৰ বাবদ ধন সংগ্ৰহৰ অভিযোগত বৰুৱাঝাৰ হাইস্কুলত আমছুৰ প্ৰতিবাদ
নামভৰ্তিৰ বাবদ ধন সংগ্ৰহৰ অভিযোগত বৰুৱাঝাৰ হাইস্কুলত আমছুৰ প্ৰতিবাদ

আনহাতে, একাংশ স্থানীয় আমছু নেতাৰ বিৰুদ্ধে বিদ্যালয়ৰ পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰা আৰু নামভৰ্তিৰ বাবদ ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধান শিক্ষক গৰাকীয়ে দৈপাম আৰক্ষী চকীত অফিজুল হক, ছাকলিন মুস্তাক, হামিদুৰ ৰহমান আৰু ওৱাচিম আক্ৰামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷

লগতে পঢ়ক: মানাহ ৰাষ্ট্ৰীয় উদ্যানত কি কৰিছে বিপিএফৰ প্ৰাৰ্থী সকলে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.