ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 29, 2022, 7:08 PM IST

top-10-at-7pm
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Self reliant in cultivation: শাক-পাচলিৰ খেতিৰে বছৰি 5 লক্ষাধিক উপাৰ্জন

কৃষি কৰ্মৰ যোগেদি স্বাৱলম্বী হৈছে ধেমাজিৰ এগৰাকী যুৱক ৷ এসময়ত কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা যুৱকজন এতিয়া হৈ পৰিছে সকলোৰে বাবে আদৰ্শ ৷ ৰবিখেতিৰ জড়িয়তে লক্ষাধিক টকা উপাৰ্জন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে যুৱকজনে ৷

Water Resource Department : কাম নকৰা ঠিকাদাৰক বিদায় দিয়ক: পীযুষ হাজৰিকা

জলসম্পদ বিভাগৰ অধীনত চলি থকা কামসমূহৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ (review meeting of water resource department) । বিগত তিনিটা বৰ্ষত একেটা কামকে সম্পূৰ্ণ কৰিব নোৱৰা ঠিকাদাৰৰ প্ৰতি বিভাগটোক কঠোৰ হোৱাৰ নিৰ্দেশ । ভৱিষ্যতে বিভাগীয় কাম নিদিয়াৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ । ঠিকাদাৰে সময়মতে কাম কৰক, নহ'লে জলসম্পদ বিভাগৰ পৰা বিদায় লওক ।

Wine shops in Assam : ৰাইজৰ পদূলিয়ে পদূলিয়ে চৰকাৰৰ সুৰা ! ৭০০ খন নতুন সুৰাৰ বিপণী

অসম চৰকাৰে নতুনকৈ ৭০০ খন বিলাতী সুৰাৰ বিপণী আৰু বাৰৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছে (700 new liquor shops in Assam) ৷ কেৱল কামৰূপ মহানগৰ জিলাতে ৫৬ খন সুৰাৰ বিপণী আৰু বাৰৰ অনুমতি চৰকাৰৰ । ৩০০০ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহৰ লক্ষ্য ।

Head Master Scam : ঘঁৰিয়ালমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

বৰপেটা জিলাৰ মন্দিয়া শিক্ষা বিভাগৰ গভীৰ নিদ্ৰাৰ পূৰ্ণ সুযোগ লৈছে মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ০১১৩৭০৭ নং ঘঁৰিয়ালমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আনচেৰ আলীয়ে (school head master scam in Mandia Barpeta) । বিদ্যালয়ৰ শৌচালয় নিৰ্মাণ, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম আৰু আন্তঃগাঁথনিৰ বাবদ আবণ্টিত ধন আত্মসাৎ প্ৰধান শিক্ষকৰ । প্ৰধান শিক্ষকৰ দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অভিভাৱক-ৰাইজৰ ।

Separate Kamatapur state demand : উত্তৰ-পূৱক থানবান কৰাৰ হুংকাৰ !

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন, কোচ ৰাজবংশী জনগোষ্ঠীক ভৈয়াম জনজাতিকৰণ আৰু কে এল অ'ৰ লগত কেন্দ্ৰীয় চৰকাৰৰ দ্বি-পাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবীত বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কোচ ৰাজবংশী জাতীয় পৰিষদে (Koch Rajbongshi Jatiya Parishad protest)। বাক্সাৰ জাখলিৰপাৰত সংগঠনটোৱে দুঘণ্টীয়া ৰেল' অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ।

Remote EVM Coming Soon: দেশৰ যিকোনো স্থানৰ পৰাই দিব পাৰিব ভোট

ভাৰতীয় নিৰ্বাচন আয়োগে ৰিম'ট ভোটদানৰ ওপৰত এক ধাৰণা প্ৰস্তুত কৰিছে । ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আইনী আৰু প্ৰশাসনিক প্ৰত্যাহ্বানৰ ওপৰত দলবোৰৰ মতামত বিচাৰিছে । প্ৰটোটাইপটোৱে এটা বুথৰ পৰা ৭২ টা সমষ্টিলৈকে সংযোগ কৰিব পাৰে (Election Commission concept on remote voting) ।

Zoo Protection Forum protest: চিৰিয়াখানাৰ সমুখত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ উত্তাল প্ৰতিবাদ

বৃহস্পতিবাৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ সমুখত চিৰিয়াখানা সুৰক্ষা মঞ্চই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা উদ্যোগপতি মুকেশ আম্বানীৰ চিৰিয়াখানালৈ নিয়া জীৱ-জন্তু ঘূৰাই অনাৰ দাবীত এই প্ৰতিবাদ ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰে ড৹ হীৰেন গোহাঁই, মীৰা বৰঠাকুৰ, ৰাজকুমাৰ বৈশ্য, চৰণ ডেকাকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট লোকে ৷

Santosh Trophy 2022:সন্তোষ ট্ৰফীত গোৱাৰ হাতত পৰাস্ত অসম

বিটিআৰৰ সদৰ কোকৰাঝাৰত বুধবাৰৰ পৰা আৰম্ভ হৈছে ৭৬ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিয়োগিতাৰ গ্ৰুপ ৩ ৰ লীগ মেচ (Santosh Trophy Football at Kokrazar) ৷ কোকৰাঝাৰ চহৰৰ কঠালগুৰীস্থিত ছাইৰ ক্ৰীড়া প্ৰকল্প আৰু কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত ৫ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব এই লীগ মেচ (Santosh Trophy Sai Sports Project at Kokrazar ) ৷ কালি কোকৰাঝাৰত তিনিখন খেল অনুষ্ঠিত হয় ৷ ইয়াৰে প্ৰথম লীগ মেচত অৰুণাচলে তামিলনাডুক ২-১ গ'লৰ ব্য়ৱধানত পৰাস্ত কৰে ৷

Tezaswita Boruah Memories: তেজস্বিতাৰ স্মৃতি হ’ব যুগমীয়া, উন্মোচিত হ’ল প্ৰতিভাৰ আকৰ তেজস্বিতা

কোনেও পাহৰিব পৰা নাই মাজুলীৰ তেজস্বিতাক ৷ তেজস্বিতা বৰুৱা কায়িকভাৱে নোহোৱা হোৱা প্ৰায় তিনি মাহেই হ'বৰ হ’ল ৷ 14 বছৰ বয়সতে সকলোকে মুগ্ধ কৰি অজান দেশলৈ একেবাৰেই গুছি যোৱা তেজস্বিতাৰ স্মৃতিত আজি উন্মোচন কৰা হ’ল ‘প্ৰতিভাৰ আকৰ তেজস্বিতা’(Souvenir on Tezaswita Boruah)৷

Clash in Flight : যাত্ৰীৰ গালে-মুখে ইটোৰ পাছত সিটো পুৰ্ণহতীয়া চৰ চলন্ত বিমানৰ ভিতৰত

চলন্ত বিমানৰ ভিতৰত এজন যুৱকৰ গালে-মুখে ইটোৰ পাছত সিটো পূৰ্ণহতীয়া চৰ ৷ এজন দুজন নহয়, প্ৰায় 5 জন যুৱকে সদলবলে থপৰিয়াইছে যুৱকজনক ৷ পৰিস্থিতি শান্ত কৰিবলৈ বহু চেষ্টা কৰিও বিফল এয়াৰ হোষ্টেজ (Clash in flight going from Bangkok to Kolkata)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.